গুৱাহাটী : অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক প্ৰীতি ক্ৰিকেট (Cricket) মেচ। মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগক।

১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ। দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক। তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা চাৰিৰ সহায়ত ৫৬ ৰাণ কৰে। বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা চাৰিৰ সহায়ত সংগ্ৰহ কৰে ৩২ ৰাণ।

পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ সংগ্ৰহ কৰে। প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট। জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে।

প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে। দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায়। দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে। বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে।

জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয়। বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী। বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক ‘গণ অধিকাৰ’ কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ।