তিতাবৰ, নৱেম্বৰ ৮: তিতাবৰত দীৰ্ঘদিন ধৰি চলি আহিছে বন্যহস্তীৰ সন্ত্ৰাস যাৰ ফলত আজি ৰাজপথত ওলাই আহিল সদৌ অসম আদিবাসী মহিলা সন্থা৷ বিগত কিছুদিনৰ আগত তিতাবৰত বন্যহস্তীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বিস্তৰ পৰিমাণৰ কৃষিভূমি নষ্ট কৰিছে৷ যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে৷ আজি তিতাবৰ বনবিষয়া কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী মহিলা সন্থাই বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বনমন্ত্ৰীক হুংকাৰ দিয়ে যে যদি ১৫দিনৰ ভিতৰত বনকৰ্মীয়ে যদি হাতী খেদিব নোৱাৰে তেতিয়া অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব৷ সদৌ অসম আদিবাসী মহিলা সন্থাই এইবুলি তীব্ৰ ভাষাৰে সকিয়নী দিয়ে বনমন্ত্ৰীক৷