ৰঙিয়া, নৱেম্বৰ ৮: ছাত্ৰক ৰেগিঙৰ নামত প্ৰহাৰ আৰু ছাত্ৰীক অশ্লীল ব্যৱহাৰ কৰাকলৈ উত্তপ্ত ৰঙিয়া মহাবিদ্যালয়৷ দোষী ছাত্ৰৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱাৰ দাবীত অৱস্থান ধৰ্মঘট ছাত্ৰ-ছাত্ৰীসকলৰ৷ ৰেগিং কৰাৰ অভিযোগত অভিযুক্ত দুই ছিনিয়ৰ ছাত্ৰ ক্ৰমে নয়নজ্যোতি দাস আৰু আকিব আলীৰ বিৰুদ্ধে ৰঙিয়া থানাত গোচৰ ৰুজু৷ মহাবিদ্যালয়খনত বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী বৰ্জন কৰি দোষী ছাত্ৰৰৰ শাস্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ অভিযোগ অনুসৰি প্ৰথম ষান্মাষিকৰ এজন ছাত্ৰক পঞ্চম ষান্মাষিকৰ নয়নজ্যোতি আৰু আকিবৰ নেতৃত্বত এটা দলে প্ৰথমতে ৰেগিঙৰ নামত বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে৷ এই ঘটনা প্ৰত্যক্ষ কৰি ভুক্তভোগী ছাত্রজনক সহায় কৰিবলৈ তেওঁৰে দুজন বন্ধুৱে সহায় কৰিবলৈ আগবাঢ়ি আহ৷ ইয়াতে ক্ষুব্ধ হৈ উদণ্ড যুৱকৰ দলটোৱে প্ৰথম ষান্মাষিকৰ তিনিও ছাত্ৰক প্ৰহাৰ কৰে৷ পিছত আহত ভুক্তভোগী ছাত্ৰ দীপক বড়োৱে অভিযুক্ত ছাত্ৰদ্বয় নয়নজ্যোতি আৰু আকিবৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ইফালে মহাবিদ্যালয়খনত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰীয়ে উক্ত ছাত্ৰ দুজনৰ লগতে একাংশ উদণ্ড ছাত্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ প্ৰায়ে এই ছাত্ৰ কেইজনে ছাত্ৰী একাংশক অশ্লীল ব্যৱহাৰ কৰি আহিছে৷ মহাবিদ্যালয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছিল যদিও বিশেষ কোনো কঠোৰ শাস্তিমূলক ব্যৱস্থা নোলোৱাৰ বাবে এই উদণ্ড ছাত্ৰ কেইজন দিনে দিনে অতপালি বৃদ্ধি হৈ আহিছে৷ যাৰ বাবে একাংশ ছাত্ৰীয়ে প্ৰায়ে অশ্লীল বাক্য শুনিবলৈ বাধ্য হৈ পৰে৷ এনেবোৰ কাৰ্যৰ বহিঃপ্ৰকাশ ঘটি বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷