ৰঙিয়া, নৱেম্বৰ ৮: ৰঙিয়াৰ চেফ ধাবাৰ সমীপত বাইক চোৰক উত্তম-মধ্যম দিয়ে স্থানীয় ৰাইজে৷ চুৰি কৰা বাইকত পেট্ৰ’ল ভৰাবলৈ লওঁতে চোৰক হাতে-লোটে ধৰিলে স্থানীয় ৰাইজে৷ AS-01-BR-2953 নম্বৰৰ 180 পালচাৰ বাইক চুৰি কৰিবলৈ লওঁতে লপা-থপা দিলে চোৰটোক৷ ধৃত চোৰজন বৰপেটাৰ ৰেকাত আলী৷ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত চোৰজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তিকৰে৷ ৰাইজৰ অভিযোগ মতে এখন চেন্ট্ৰ’ গাড়ীত অহা দল এটাই যুৱকজনে বাইকখনত পেট্ৰ’ল ভৰাবলৈ লওতেই সন্দেহ ওপজে একাংশ যুৱকৰ৷ লগে লগে সোধা-পোছা কৰাত যুৱকজনে বাইকখন চুৰি কৰি অনা বুলি নিশ্চিত হয়৷ পিছত উত্তেজিত জনতাই বাইক চোৰজনক উত্তম-মাধ্যম সোধায়৷ গণপ্ৰহাৰত লেবেজান হৈ পৰা চোৰজনক পিছত আৰক্ষীয়ে উদ্ধাৰ কৰি ৰঙিয়া অসামৰিক হাস্পতালত ভৰ্তি কৰায়৷ জানিব পৰা মতে, বাইক চোৰৰ গেং এটাই দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি আহিছে৷