ৰঙিয়া, ২১ নৱেম্বৰ: পুনৰবাৰ দুৰ্বৃত্তৰ চিকাৰ হ’ল উজনিমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ যাত্ৰী। নিউ বঙাইগাঁৱৰ পৰা বৰপেটা ৰোডলৈ গৈ থকা অৱস্থাত ২২ বছৰীয়া এগৰাকী যাত্ৰীক দুৰ্বৃত্তই নিচাযুক্ত দ্ৰব্য খুৱাই নগদ ধন, মোবাইলকে ধৰি বহুতো মূল্যৱান সা – সামগ্ৰী লুট কৰি নিয়ে। পিছত অন্য যাত্ৰীয়ে ৰঙিয়া ৰে’ল আৰক্ষীক অৱগত কৰোৱাত ৰঙিয়াত ৰে’ল আৰক্ষীয়ে যাত্ৰী গৰাকীক ৰঙিয়া ৰে’লৱে চিকিৎসালয়ত ভৰ্তি কৰে। পিছত যাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যাত্ৰীগৰাকীৰ পৰিচয়। ৰে’লত যাত্ৰীৰ সুৰক্ষাৰ বাবে আৰ পি এফ জোৱান  নিয়োজিত হৈ থকাৰ পিছতো কেনেদৰে দুৰ্বৃত্তই যাত্ৰীক নিচাযুক্ত দ্ৰব্য খুৱাই বিভিন্ন সা -সামগ্ৰী লুট কৰিবলৈ সুযোগ পালে সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে।