যোৰহাট, ২১নৱেম্বৰ: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ দ্ৰুতকালীন এম্বুলেন্স সেৱা মৃত্যুঞ্জয়ে যোৰহাটত সম্পূৰ্ণ কৰিলে ৯ টা বছৰ। যোৰহাটৰ জনসাধাৰণৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ১১খন ১০৮, ৬ খন আদৰণি ভান আৰু ১০২ টি এফ টি ১১ খন আৰম্ভনিৰে পৰা বৰ্তমান সময়লৈকে চলিত অৱস্থাত আছে বুলি জানিবলৈ দিয়ে। যোৰহাটৰ প্ৰায় ১ লাখ জনসাধাৰণৰ বিপৰীতে ১ খনকৈ এম্বুলেন্স দিয়া হৈছে। বিগত ৯ বছৰত ১৯৩৫৯৭ টা জৰুৰীকালীন ফোন, মেডিকেল ১৩৫৮৮২,পথ দুৰ্ঘটনা ১৪৩৪০ কে আদি কৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যা তথা ৰোগীক শীঘ্ৰেই চিকিৎসা প্ৰদানৰ বাবে সুবিধা কৰি আগবঢ়াইছে। আজি যোৰহাট মেডিকেল কলেজত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰি কৰে ১০৮ ৰ সমূহ বিষয়ববীয়াই। লগতে বৰ্তমান সময়ত বহুতো লোকে ১০৮ আৰু ইয়াৰ লগত জড়িত নানা জৰুৰীকালীন সেৱালৈ ফোন কৰি তেওঁলোকৰ সময়ৰ অপচয় নকৰিবলৈ আহ্বান জনাইছে বিষয়ববীয়াই। সংবাদমেলখনত বৰাক ভেলী আৰু উজনি অসমৰ ৰিজনেল মেনেজাৰ কণকেন্দু সিংহা, অসমৰ হিউমেন ৰিচ’ৰ্চৰ হেড অভিজিত বৰুৱা, অসমৰ মাৰ্কেটিং আৰু কমিউনিকেছনচ হেড ধ্ৰুজ্যোতি প্ৰসাদ,১০৮/১০২ ৰ উজনি অসমৰ প্ৰগেম মেনেজাৰ ইস্তিয়াকুৰ ৰহমান আৰু যোৰহাট জিলা ই এম ই কল্যাণ বৰা উপস্থিত থাকে।