গুৱাহাটী : গুৱাহাটী ৰে’ল ষ্টেশ্যনত (Guwahati Railway Station) পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ অপিয়াম। তিনিচুকীয়াৰ পৰা দিল্লীলৈ নি থকা অৱস্থাত গুৱাহাটী ৰে’ল ষ্টেশ্যনত জব্দ হয় ৭ কোটি টকাৰ মূল্যৰ বৃহৎ পৰিমাণৰ অপিয়াম। জালত পৰে দুজন ড্ৰাগছ সৰবৰাহকাৰী।

শুকুৰবাৰে পুৱাৰ ভাগত বৃহৎ পৰিমাণৰ অপিয়ামৰ লগত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে গুৱাহাটী ৰে’ল আৰক্ষীয়ে। ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতো অসমৰ মাজেৰে বহিঃৰাজ্যলৈ ড্ৰাগছৰ সৰবৰাহৰ চলি আছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিক সাফল্যই ড্ৰাগছ সৰবৰাহকাৰী সকলক ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰিবলৈ বাধ্য কৰিছে।

এতিয়া স্থল পথৰ সলনি ৰে’লপথ ব্যৱহাৰ কৰিবলৈ ধৰিছে ড্ৰাগছ সৰবৰাহকাৰী সকলে। গুৱাহাটী ৰে’ল আৰক্ষীয়ে ইতিমধ্যে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। পুনৰ গুৱাহাটী ৰে’ল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ অলিয়ামসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটী ৰে’ল আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত তালাচী এই ৭ কেজি অপিয়াম জব্দ কৰে।

অপিয়ামখিনিৰ লগতে গুৱাহাটী ৰে’ল আৰক্ষীয়ে ৰাজস্থানৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে মনিশ কুমাৰ আৰু কল্লাৰাম বুলি জানিব পৰা গৈছে। অপিয়ামখিনি তিনিচুকীয়াৰ পৰা আনি দিল্লীলৈ নিয়াৰ পৰিকল্পনা আছিল বুলি ড্ৰাগছ সৰবৰাহকাৰী দুজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে।

জব্দকৃত অপিয়ামখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা হ’ব বুলি গুৱাহাটী ৰে’ল আৰক্ষীয়ে অনুমান কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কেইবাবাৰো গুৱাহাটী ৰে’ল আৰক্ষীয়ে ৰে’ল ষ্টেশ্যনত অভিযান চলাই বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। কিছুদিন পুর্বে ৰে’ল আৰক্ষীয়ে বিহাৰৰ দুগৰাকী মহিলা আৰু দুজন পুৰুষক কেইবাকোটি টকা মূল্যৰ কানিসহ গ্ৰেপ্তাৰ কৰিছিল।