আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ দেশভক্ত ময়দানত আৰম্ভ ফুটবল (Football) মহাৰণ। চক্ৰধৰ ডেকা সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত আৰম্ভ হ’ল অঞ্চলটোৰ এই বৰ্ষৰ ফুটবল মহাৰণ।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত মুকালমুৱা আঞ্চলিক ক্ৰিড়া সন্থাৰ উদ্যোগত আৰম্ভ হ’ল ১০ তম বাৰ্ষিক চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ। চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখনত অংশ গ্ৰহণ কৰে মাখিবাহা ক্ৰীড়া সন্থা আৰু মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই।

মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা এই বৰ্ষৰ চক্ৰধৰ ডেকা সোৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ১৬ টা দলৰ ভিতৰত আছে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল। নলবাৰী জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে শুভাৰম্ভ কৰা প্ৰতিযোগিতাখনৰৰ আৰম্ভণি খেলখনত ১-০ গলৰ ব্যৱধাধত মুকালমুৱা আঞ্চলিক ক্ৰিড়া সন্থাই জয়লাভ কৰে।

খেলখনত উপস্থিত থাকে ভাৰতীয় ক্ৰিকেট ‘এ’ দলৰ প্ৰাক্তন খেলুৱৈ জাকাৰিয়া জুফ্ৰি, জি এম ডি এ’ৰ অধ্যক্ষ তথা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ ডেকা, লুনা নিউৱেভা স্পোৰ্টচ একাডেমীৰ সভাপতি ছাইদুল ইছলামসহ কেইবাজনো বিশিষ্ট ব্যক্তি। খেলুৱৈসকলৰ দুভৰিৰ জাদু চাবলৈ দেশভক্ত ময়দানত অসংখ্য দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয়।