আজিজ আলী

নলবাৰী : আৰক্ষীৰ ড্ৰাগছ বিৰোধী (War Against Drugs) অভিযানৰ আন এক সাফল্য। ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল দুজন ড্ৰাগছ সৰবৰাহকাৰী (Drugs Paddler)। ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ জালত পৰিল আব্দুল আলী আৰু ছফিকুল ইছলাম।

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসম আৰক্ষীয়ে আৰম্ভ কৰা ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে বৃহৎ সংখ্যক ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰী।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই থকা অভিযানত প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈ আছে ড্ৰাগছ। আৰক্ষীৰ জালত পৰি আছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ ধাৰাবাহিক অভিযান আৰু সাফল্যৰ পিছতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহৰ। একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি চলাই আছে সৰবৰাহ।

ইয়াৰে প্ৰমাণ পোৱা গ’ল নলবাৰী জিলাত। নলবাৰী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। নলবাৰী জিলাৰ ডিপ্তাৰ পৰা নলবাৰী আৰক্ষীয়ে আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। এক গোপন খবৰৰ ভিত্তিত নলবাৰী জিলাৰ ডিপ্তাত নলবাৰী সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই এই সাফল্য লাভ কৰে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ।ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে বাটচৰৰ আব্দুল আলী আৰু বাৰ্নিবাৰীৰ ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে দুয়োকে নলবাৰী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।