চিলাপথাৰ, ১৫ আগষ্ট, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে দুজনকৈ লোক ( Two Killed In Road Accident)। আহত হৈছে কেইবাজনো লোক। এখন এল্টো বাহন আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছে দুজন যুৱক। নিহত যুৱক দুজন স্কুটিখনৰ আৰোহী আছিল।

দেশজুৰি ৭৭ সংখ্যক স্বাধীনতা দিৱস পালনৰ সময়তে ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে দুজন যুৱক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। স্বাধীনতা দিৱসৰ দিনাই ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নামচুক তিনিআলিত এখন এল্টো বাহন আৰু স্কুটিৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজনকৈ যুৱক। নিহত যুৱক দুজন ডিমৌ চাৰিআলিৰ চন্দ্ৰ ৰাইৰ ১৭ বছৰীয়া পুত্ৰ আকাশ ৰায় আৰু ডিমৌ গোলাইৰ ১৮ বছৰীয়া কৰণ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে। নিহত যুৱক দুজন স্কুটিখনৰ আৰোহী আছিল।

পুৱাৰ ভাগত এএছ-০৬-আৰ-৮১৭৯ নম্বৰৰ এল্টো বাহনখনৰ লগতে মুখামুখি সংঘৰ্ষ হয় এএছ-০৬-ডব্লিউ-৪৮৭৩ নম্বৰৰ স্কুটিখনৰ। ফলত থিতাতে নিহত হয় স্কুটিখনৰ আৰোহী আকাশ ৰায় আৰু কৰণ বিশ্বকৰ্মা নামৰ যুৱক দুজন। এই ভয়ংকৰ পথ দুৰ্ঘটনাত এল্টো বাহনখনৰ কেইবাজনো আৰোহী আহত হয় বুলি জানিব পৰা গৈছে। আহত সকলক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত চিলাপথাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। স্বাধীনতা দিৱসৰ দিনাই এক ভয়ংকৰ পথ দুর্ঘটনাত দুজনকৈ যুৱক থিতাতে নিহত হোৱাৰ ঘটনাই নামচুক তিনিআলি অঞ্চলত শোকৰ ছাঁ পেলাইছে।