গুৱাহাটী : বাল্য বিবাহৰ ভয়াবহ পৰিণতি। বাল্য বিবাহৰ (Child Marriage) বাবে বঙাইগাঁৱত প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। সন্তান প্ৰসৱৰ সময়তে মৃত্যু ঘটি ১৬ বছৰীয়া কিশোৰীৰ। আনফালে কম বয়সতে প্ৰেম কৰি নিজ হাতে নিজৰ জীৱন শেষ কৰিলে গৰৈমাৰীৰ কিশোৰীয়ে।

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বাল্য বিবাহ কৰোৱা লোক সকলৰ লগতে বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে আৰক্ষী প্ৰশাসনে। ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত ২৪০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰি কাৰাগৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা আছে।

আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বাল্য বিবাহ কৰোৱা স্বামী তথা বাল্য বিবাহৰ লগত জড়িত লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে গ্ৰেপ্তাৰ হোৱা স্বামী সকলৰ পত্নী আৰু পৰিয়ালৰ লোকে উত্তাল কৰি ৰাখিছে পৰিৱেশ। আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে মৃত্যু ঘটিছে দুগৰাকীকৈ মহিলাৰ। এইবাৰ আৰক্ষীৰ অভিযানৰ ভয়ত নহয়, বাল্য বিবাহৰ ভয়াবহ পৰিমাণৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ অন্তৰ্গত যোগীঘোপাৰ কাবাইটাৰীত। বাল্য বিবাহত আৱদ্ধ হোৱা এগৰাকী কিশোৰীয়ে সন্তান প্ৰসৱ কৰাৰ সময়ত মৃত্যুক আঁকোৱালি ললে।কৰেয়া প্ৰথম খণ্ডৰ ১৬ বছৰীয়া এগৰাকী কিশোৰীৰ প্ৰায় এবছৰ পূৰ্বে কাবাইটাৰী প্ৰথম খণ্ডৰ সাহিনুৰ আলীৰ সৈতে বিৱাহ সম্পন্ন হৈছিল। দেওবাৰে সন্তান প্ৰসৱ কৰাৰ সময়ত মৃত্যু ঘটে কিশোৰী গৰাকীৰ। জানিব পৰা মতে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ঘৰতে কিশোৰী গৰাকীৰ সন্তান প্ৰসৱৰ চেষ্টা চলাইছিল যদিও অৱস্থা সংকটজনক হৈ পৰাত কিশোৰী গৰাকীক চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰলৈ আনে পৰিয়ালৰ লোকে।কি

শোৰী গৰাকীৰ অৱস্থা অতি সংকটজনক দেখি চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে কিশোৰী গৰাকীক বঙাইগাঁওলৈ প্ৰেৰণ কৰে। বঙাইগাঁওলৈ নি থকা অৱস্থাত বাটতে কিশোৰী গৰাকী মৃত্যুৰ মুখত পৰে। ঘটনাৰ পিছতে জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ দল এটা চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আনহাতে আৰক্ষীয়ে মৃত কিশোৰী গৰাকীৰ স্বামী আৰু স্বামীৰ পিতৃক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

আনফালে কামৰূপ জিলাৰ গৰৈমাৰীত প্ৰেমৰ বাবে এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেমিকৰ লগত পলাই যোৱা কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰেমিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে কিশোৰী গৰাকীয়ে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি গৰৈমাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।