দেৰগাঁও, ১৫ নৱেম্বৰ: এখন ব্যতিক্ৰমী বিবাহ। এই বিবাহৰ মণ্ডপতে ব্ৰাহ্মণৰ মন্ত্ৰ, আয়তিৰ উৰুলি আৰু সহস্ৰাধীক অতিথিৰ আশীৰ্বাদ লৈ দেৰগাঁও মাৰোৱাৰী ধৰমশালাত সম্পন্ন কৰা হ’ল ১৪০ যোৰা বৰ-কইনাৰ বিবাহ৷ সামূহীক বিবাহ কাৰ্যকলৈ দেৰগাঁৱত সহস্ৰাধীক মানুহৰ ভীৰ। আটক ধুনীয়াকৈ সজায় তোলা হৈছে দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাৰ চহৰৰ মধ্যস্থলত থকা ধৰমশালা চৌহদ৷ পুৱাৰ পৰাই সাজি-কাচি অগনন লোকৰ আগমণ ধৰমশালা প্ৰাংগনলৈ। বিশাল মণ্ডপৰ বাহিৰৰ পৰাই উদুলি-মুদুলি পৰিৱেশ, বেন্দপাটিৰ সুৰত অনন্য পৰিৱেশ বিৰাজমান। গণৱেশ পৰিধান কৰা জাক-জাক মহিলাই হাতত তামোল-পানৰ বঁটা লৈ আদৰিছে অতিথিক। দুই তিনিমাহ অহৰহ প্ৰচেষ্টাৰে প্ৰায় আঠ-ন লাখ টকা বাজেট লৈ এই অনুষ্ঠান আয়োজন কৰিছে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ দেৰগাঁও শাখাই। যি ১৪০ যোৰা বৰ-কইনাৰ বিবাহ সম্পন্ন  হৈছে সকলোৰে প্ৰয়োজনীয় কাপোৰ গহনা অনান্য সামগ্ৰী লগতে যাতায়াতৰ খৰচো অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ ফালৰ পৰাই ব্যয় কৰা হৈছে। বিবাহস্থলীত উপস্থিত সকলোকে সু-স্বাদু খাদ্যৰে আপ্যায়নো কৰা হ’ল। বিবাহ অনুষ্ঠানত দূৰ-দূৰণিৰ বহু বিশিষ্ট ব্যক্তিয়েও অংশ লোৱা দেখা গ’ল। দেৰগাঁৱত মহিলাৰ উদ্যোগত অনুষ্ঠিত এই সামূহিক বিবাহ কাৰ্য ৰাজ্যৰ ভিতৰতে লেখত ল’বলগীয়া অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।