মিৰ্জা, ১৫ নৱেম্বৰ:  গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিললৈ আগমন ঘটিবলৈ ধৰিছে দেশী-বিদেশী বিভিন্ন পৰিভ্ৰমী চৰাইৰ৷ কিংবদন্তি মতে, ১৯৫০ চনৰ বৰভুঁইকপৰ ফলত পাহাৰ ডুবি সৃষ্টি হৈছিল দীপৰ বিল৷ ইতিহাস অনুসৰি এই বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু মেঘালয় ৰাজ্যৰ শাসনকৰ্তাই ইয়াত শাসন কৰিছিল বুলি জনা যায়৷ দীপৰ বিলৰ জলাহভূমি ৪,১৪ বৰ্গ কিঃমিঃ এলেকা৷ ইয়াৰ গভীৰতা প্ৰায় ৬ মিটাৰ যদিও খৰালি ইয়াৰ গভীৰতা ১.৫ মিটাৰলৈ হ্ৰাস পায়৷ দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়ো ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ কাৰণ, ই হ’ল প্ৰাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা৷ তদুপৰি জৈৱিক জীৱ,পৰিভ্ৰমী চৰাই আৰু স্থানীয় চৰাইয়ো দেখা পোৱা যায় প্ৰকৃতি অপৰূপ সৌন্দৰ্যৰে মনোমোহা এই দীপৰ বিলত৷ ৪,১৪ বৰ্গ কিঃমিঃ যোৰা এইখন বিলত শীতৰ আগমনৰ লগে লগে ভিৰ কৰা দেখা পোৱা যায় বিভিন্ন দেশী-বিদেশী পৰিভ্ৰমী চৰাই৷ বৰ্তমান ইউৰোপ, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, চীন, চাইবেৰিয়া, কানাডা, আফ্ৰিকা আদি বিভিন্ন ঠাইৰ পৰা পৰিভ্ৰমী চৰাইসমূহ আহিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ প্ৰাপ্ত তথ্য মতে, বৰ্তমানলৈ প্ৰায় ২৩ বিধ বিভিন্ন চৰাই আহি ভিৰ কৰিছে৷ এই চৰাই সমূহৰ ভিতৰত শামুখ ভঙা, ক্ৰেন, পেলিকান, দেও ৰাজহাঁহ, কলামৰীয়া হাঁহ, নেজাল হাঁহ, মালাদি,হোৱাইট ষ্টক, পিণ্টল, মাহতলা, ৰেডিচন ডাক, ডৰিদ, চাকইচকুৱা, লিটিন ৰিং৷ এই পৰিভ্ৰমী চৰাই সমূহ চাবলৈ আগমন ঘটিব ধৰিছে দেশ-বিদেশৰ পৰ্যটকৰো৷