সোণতলী, ১৫ নৱেম্বৰ: দক্ষিণ কামৰূপৰ সোণতলীত নিশা প্ৰায় ১০.৩০ বজাত এজন ব্যৱসায়ী ঘৰলৈ উভতাৰ পথৰ দুৰ্বৃত্তৰ আক্ৰমনত গুৰুতৰভাৱে আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ সোণতলী অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে৷ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত শেলেসুঁতি গাঁৱৰ মকবুল হুছেইনৰ ৩৫ বছৰীয়া পু্ত্ৰ আবুল কালাম নামৰ গেলামালৰ দোকানীজনে তেওঁৰ সম্পৰ্কীয় ব্যাক্তি হানিফ আলীৰ সৈতে বাইকেৰে আহি থকা অৱস্থাত প্ৰায় সাতজনীয়া দুৰ্বৃত্তৰ দল এটাই হঠাৎ আক্ৰমন কৰে৷ তিনিখন বাইকেৰে অহা মুখত কলা কাপোৰ পৰিধান কৰা দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ব্যাৱসায়ী কালামক আগভেটা দি টকাৰ বেগটো কাঢ়ি নিবলৈ চেষ্টা কৰে৷ তেতিয়া কালাম আৰু তেওঁৰ সমনীয়াজনে চিঞৰ বাখৰ কৰাত দুৰ্বৃত্ত এজনে কালামৰ পেটত চোকা অস্ত্ৰৰে আঘাত কৰি গুৰুতৰভাৱে জখম কৰি পেলাই থৈ যায়৷ ইফালে চিঞৰ শুনি স্থানীয় ৰাইজ আগবাঢ়ি অহাত দুৰ্বৃত্তৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ব্যৱসায়ী কালামক স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি ১০৮ সেৱাৰ জৰিয়তে সোণতলীৱপ্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ব্যৱসায়ীজনৰ শাৰিৰীক অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ সোণতলী আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ কিন্তু বৰ্তমান পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷