ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৫ ডিচেম্বৰ: বৰদিনৰ আনন্দ উল্লাসৰ মাজতে তিনিচুকীয়া জিলাৰ তৈলনগৰী ডিগবৈত বালিত পুতি থোৱা অৱস্থাত এক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিগবৈ ইটাভাটাস্থিত ডিগবৈ কলেজৰ মুখ্য প্ৰৱেশদ্বাৰৰ তেনেই কাষতে ইটাভাটা নামঘৰৰ সমূখত পথৰ দাতিত পেলাই থোৱা বালিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো৷ আজি পুৱাৰ ভাগত কুকুৰে বালি খুচৰি থকা অৱস্থাত এখন হাত দৃষ্টিগোচৰ হোৱাত স্থানীয় ৰাইজে বালিৰ আৰক্ষীক অবগত কৰাত বালি দমৰ পৰা এই মৃতদেহটো উদ্ধাৰ কৰে৷ মৃতদেহটো বালিজান নতুন কলনিৰ নিবাসী তথা ইটাভাটা অঞ্চলৰ ব্ৰইলাৰ মাংস বেপাৰী বিপুল শইকীয়াৰ বুলি চিনাক্ত হৈছে৷ জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১ বজাত বিপুল শইকীয়াৰে স্থানীয় মিঠৈই গোস্বামী আৰু গনেশ বৰুৱা নামৰ দুজন লোকৰ উক্ত স্থানতে তৰ্ক বিতৰ্কৰ সূত্ৰপাত হৈছিল৷ বিপুলৰ ঘৈনিয়েকে কাজিয়া ভাঙিবলৈ চেষ্ঠা কৰাত বিপুলে ঘৈনিয়েকক ঘৰলৈ যাবলৈ কয় কিছুসময়ৰ পিছতে তেও ঘৰলৈ যাব বুলি আস্বাস দিয়ে৷ আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ পৰে বিপুল শইকীয়া৷ আজি পুৱা এইদৰে বিপুলৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে মিঠৈই আৰু গনেশলৈ সন্দেহৰ আঙুলি টোৱাইছে স্থানীয় ৰাইজে৷ ইফালে ঘটনাস্থলীত উদ্ধাৰ হৈছে এখন দা আৰু এডাল টেলিফোনৰ তাৰ৷ আনফালে ডিগবৈ আৰক্ষীয়ে গণেশ বৰুৱাক তেওঁৰ নিজৰ ঘৰৰ পৰা আটক কৰে লগতে তদন্ত অব্যাহত থৈছে আনপিনে মিঠৈই গোস্বামী পলাতক অৱস্থাত আছে৷ তেওঁৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে৷