গুৱাহাটী : অসমৰ গোৱালপাৰা জিলাৰ ৰামপুৰস্থিত বাডুংদুপ্পা কলাকেন্দ্ৰত অহা ১৫ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ১৩ তম ‘আণ্ডাৰ দ্য শাল ট্ৰি’ (Under The Saal Tree) নাট মহোৎসৱ। এই নাট মহোৎসৱ প্ৰতি বছৰে শাল গছৰ বাগিচাৰ মাজত সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ আৱেষ্টনীত অনুষ্ঠিত কৰা হয় য’ত কোনো কৃত্ৰিম যন্ত্ৰ, আনকি অভিনেতাসকলৰ কণ্ঠ-ধ্বনিৰ হাৰ বৃদ্ধি কৰিবলৈ মাইক্ৰ’ফোনো ব্যৱহাৰ কৰা নহয়।

আয়োজকসকলে কেৱল বাঁহ আৰু খেৰ ব্যৱহাৰ কৰি মঞ্চ নিৰ্মাণ তথা দৰ্শকসকলৰ বাবে বহাৰ ব্যৱস্থা কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত এইবাৰ সৰ্বমুঠ ৭ খন নাটক মঞ্চস্থ কৰা হ’ব। ‘আণ্ডাৰ দ্য শাল ট্ৰি’ নাট মহোৎসৱ পুনৰাই অনুষ্ঠিত কৰিবলৈ পাই আমি আনন্দিত হৈছো। অঞ্চলটোৰ নাট্যপ্ৰেমী সকলে আমাক দিয়া মৰম আৰু আদৰৰ ফলতেই আমি প্ৰকৃতিৰ কোলাত শ্ৰেষ্ঠ নাটকসমূহ উপস্থাপন কৰিব পাৰো বুলি আমাৰ মনত বিশ্বাস জন্মিছিল। প্ৰতিষ্ঠাপক শুক্ৰাচাৰ্য্য ৰাভাই আৰম্ভ কৰা আমাৰ এই বিপ্লৱ অব্যাহত ৰাখিবলৈ আমাৰ সৈতে যোগদান কৰক।’ পৰিচালন সঞ্চালক মদন ৰাভাই এইদৰে কয়।

গোৱালপাৰাৰ পৰা ৰাভা ভাষাত ঋষি জোলোংকা, মহাৰাষ্ট্ৰৰ পৰা বাংলা আৰু মাৰাঠীত আলোৰ গান (ছং অৱ লাইট), শ্ৰীলংকাৰ পৰা ইংৰাজীত মাই চুইট ৰটেন হেৰিটেন্স, পশ্চিম বংগৰ পৰা বাংলাত অথো হিড়িম্বা কোঠা, গুৱাহাটীৰ পৰা অসমীয়াত এৰেণ্ডিৰাছ্‌ মেটামৰ্ফচিছ, মুম্বাইৰ পৰা হিন্দীত ঝলকাৰি আৰু আহমেদাবাদৰ পৰা গুজৰাটী/হিন্দীত পঞ্চো ন’ ভেছ নাটকসমূহ উপস্থাপন কৰা হ’ব। পূৰ্বতে এই মহোৎসৱত দক্ষিণ কোৰিয়া, ব্ৰাজিল, পোলেণ্ড আৰু চুবুৰীয়া বাংলাদেশৰ নাট্যদলসমূহেও অংশগ্ৰহণ কৰিছিল। আৰম্ভণিৰ পৰাই “হাইজিন থিয়েটাৰ”ৰ নৱ-প্ৰায়োগিক আন্দোলনৰ নেতৃত্ব দি, নাট্যকলাৰ সৈতে জড়িত অঞ্চলটোৰ অন্যতম সন্মানীয় ব্যক্তি স্বৰ্গীয় শুক্ৰাচাৰ্য্য ৰাভাই প্ৰকৃতিৰ সৈতে পাৰস্পৰিক সহজীৱীতামূলক সম্পৰ্ক স্থাপনৰ জৰিয়তে সহ-নিৰ্ভৰশীলতাৰ গুৰুত্ব প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ মাজত নাট মহোৎসৱৰ আয়োজন কৰিছিল।

২০০৮ চনত আৰম্ভ হোৱা এই উৎসৱে ‘আন’ক অনুকৰণ কৰাৰ পৰম্পৰা এৰাই চলি ঔপনিৱেশিক ‘আত্ম/অন্য’ উভয় অৰ্থৰ বিপৰীতমূখী আত্ম-বিশ্লেষণৰ জৰিয়তে বাস্তৱক পুনৰ সংজ্ঞায়িত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পৰিবেশনৰ এক নতুন শৈলী প্ৰায়োগিকভাৱে আৰম্ভ কৰিব বিচাৰে। প্ৰয়াত শুক্ৰাচাৰ্য্য ৰাভা আৰু তেওঁৰ নাট্যদল বাডুংদুপ্পা কলাকেন্দ্ৰই মুকলি আকাশৰ তলত অনুষ্ঠিত হোৱা নাট মহোৎসৱ ‘আণ্ডাৰ দ্য শাল ট্ৰি’ৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। ২০১৮ চনত শুক্ৰাচাৰ্য্য ৰাভাৰ দেহাৱসান ঘটে। এইবাৰ, এই মহোৎসৱ অসমৰ মুখ্যমন্ত্ৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, ইণ্ডিয়ান অইল লিমিটেড কৰ্প’ৰেশ্যন আৰু বঙাইগাঁও শোধনাগাৰৰ সহযোগত অনুষ্ঠিত কৰা হ’ব।