Sibani Saikia 

নিউজ ডেস্ক : ১২ ডিচেম্বৰত গুজৰাটৰ (Gujarat) মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে। গুজৰাট বিজেপিৰ ফালৰ পৰা চি আৰ পাটিলে ঘোষণা কৰিছে যে ভূপেন্দ্ৰ পেটেল দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব।

১২ ডিচেম্বৰত দুপৰীয়া ২ বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি ব্যক্ত কৰিছে চি আৰ পাটিলে। বিজেপিয়ে ২০২২ ৰ গুজৰাট বিধানসভা নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ১৫৬ খন আসন দখল কৰিছে। দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰা ভূপেন্দ্ৰ পেটেল ২০২১ চনৰ ১২ ডিচেম্বৰত বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল। বৃহস্পতিবাৰে গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে ভূপেন্দ্ৰ পেটেলৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি চি আৰ পাটিলে কয়, ৰাজ্যখনত সপ্তমবাৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে আৰু ভূপেন্দ্ৰ পেটেল পুনৰ মূখ্যমন্ত্ৰী হ’ব বুলি তেওঁ কয়।

চি আৰ পেটেলে লগতে কয় যে বিজেপিয়ে গুজৰাটৰ জনসাধাৰণৰ আদেশ নম্ৰতাৰে গ্ৰহণ কৰে, লগতে জনসেৱাৰ প্ৰতি দলটোৰ প্ৰতিশ্ৰুতিৰ বিষয়ে ৰাইজক আশ্বাস দিয়ে। গুজৰাটত উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিবলৈ মানুহে মন তৈয়াৰ কৰিছে। আমি নম্ৰতাৰে জনসাধাৰণৰ আদেশ স্বীকাৰ কৰিছো। বিজেপিৰ প্ৰতিজন কৰ্মী ৰাজহুৱা সেৱাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ বুলিও কয় ভূপেন্দ্ৰ পেটেলে। বিজেপিয়ে গুজৰাট বিধানসভাৰ ১৮২ খন আসনৰ ১৫৬ খনত জয়লাভ কৰিছে। যিটো দলটোৰ বাবে ঐতিহাসিক বিজয়।

বিজেপিয়ে ২০০২ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত ১২৭ খন আসন লাভ কৰিছিল। আনহাতে ১৯৮৫ চনত গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মাধৱ সিং চুলাঙ্কি চৰকাৰে ১৮২ খন আসনৰ ১৪৯ খন আসন লাভ কৰিছিল। বিজেপিয়ে ১৫৬ খন আসনত জয়লাভ সাব্যস্ত কৰি কংগ্ৰেছৰ মাধৱ সিং চুলাঙ্কি চৰকাৰৰ অভিলেখ ভংগ কৰিছে। ইফালে বিৰোধী দল কংগ্ৰেছে ২০২২ ৰ গুজৰাট বিধানসভা নিৰ্বাচনত মাত্ৰ ১৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে এইবাৰ প্ৰথমবাৰৰ বাবে গুজৰাট বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰাৰ দাবী জনোৱা আম আদমি পাৰ্টিয়ে লাভ কৰিছে মাত্ৰ ৫ খন আসন।

অৱশ্যে দিল্লী আৰু পাঞ্জাৱ মডেলৰ কথা উল্লেখ্য কৰি গুজৰাট বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা আম আদমি পাৰ্টিয়ে ১৩ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। যিটোৱে দলটোক ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে। বিগত ২৭ বছৰ ধৰি গুজৰাটত চৰকাৰ চলাই অহা বিজেপিয়ে কিন্ত হিমাচল প্ৰদেশ পুনৰ দখল কৰিব নোৱাৰিলে। দলটোৱে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ২৫ খন আসন লাভ কৰিছে। হিমাচল প্ৰদেশনত কংগ্ৰেছ দলে ৪০ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছিল।