গোলাঘাট, সংবাদ ৩৬৫, ৭ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে অসম বিধানসভাৰ চৌহদত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেজেৰে ৰাঙলী কৰাৰ পাছতো এইবাৰ ৰাঙলী হ’ল গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ চৌহদ ।

জয় আই অসম, আমি কেব নামানো আদি শ্লো গান তেজেৰে লিখি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ।

ইয়াৰ পাছতে কলেজখনৰ ছাত্ৰ একতা সভাই কলেজ চৌহদৰ পৰা ওলাই আহি “বজ্ৰ বিদ্ৰোহ” নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰোপৰি ছাত্ৰ সমাজে প্ৰধান মন্ত্ৰী মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল , অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।