নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ ডিচেম্বৰ : “কা” বিৰোধী আন্দোলনত এইবাৰ নামি পৰিল নাৰী শক্তি। লতাশিলত সহস্ৰাধিক নাৰীয়ে দিনৰ ১১ বজাৰে পৰা আৰম্ভ কৰিলে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ।

বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্লো গানেৰে উত্তাল কৰি তোলে লতাশিলৰ বাকৰি।

ইফালে যোৰহাটতো “কা” বিৰোধী প্ৰতিবাদত ওলাই আহিল হাজাৰ হাজাৰ মহিলা। প্ৰতিবাদকাৰীৰ মন্তব্য যি দিনা সৰ্বানন্দ সোণোৱালে কা বাতিল কৰিম বুলি কব সেইদিনাহে তেখেতক মুখ্যমন্ত্ৰী বুলি মানি লম।

ফুলনী মানে বাগিছা, বাগিছা মানে ফুলনী, বিজেপি মানে দালালি, দালালি মানে বিজেপি আদি শ্লো গানৰ কাৰ্ড লৈও প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে।