সোণতলী, ১৩ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনস্থ চাম্পুপাৰা বজাৰ সমিতিক লৈ চলি থকা অগপ আৰু কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শীতল যুদ্ধৰ সংঘাত নিশা চূড়ান্ত ৰূপ লয়৷ নৱগঠিত বজাৰ সমিতিৰ এখন আলোচনা চক্ৰ অনুষ্ঠানত এদল কংগ্ৰেছ কৰ্মীয়ে উদ্ভণ্ডালী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে দুয়োটা পক্ষৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷ দুয়োটা দলৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডা আৰু প্ৰচণ্ড মাৰপিটৰ ফলত চাম্পুপাৰা বজাৰখনত চাঞ্চল্যৰ সৃষ্টি হয়৷ কংগ্ৰেছ আৰু অগপ কৰ্মীৰ এই মাৰপিটত দুয়োটা দলৰ কমেও ১৪ জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে৷ ইফালে ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মোহিত শৰ্মা আৰু জোৰশিমুলী আৰক্ষী চকীৰ মিণ্টু বড়ো উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে৷ লগতে মাৰপিটত আহত হোৱা কৰ্মীসকলক ভৰ্তি কৰোৱা হয় গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত৷ প্ৰাপ্ত তথ্য মতে, অগপ দলৰ একাংশ কৰ্মীয়ে নৱগঠিত চাম্পুপাৰা বজাৰ পৰিচালনা সমিতিক লৈ বজাৰ নিলাম গৃহত এখন আলোচনা চক্ৰত মিলিত হৈছিল৷ এই আলোচনা চক্ৰত কংগ্ৰেছ দলৰ বহু কেইজন কৰ্মীয়ে হাতে হাতে বাঁহৰ লাঠি লৈ পৰিকল্পিতভাৱে অগপ কৰ্মীৰ ওপৰত আক্ৰমন চলায়৷ কংগ্ৰেছ কৰ্মীৰ আক্ৰমনৰ পিছত অগপ কৰ্মীৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ ঘটনা সন্দৰ্ভত দুয়োটা দলৰ ফালৰ পৰা জোৰশিমুলী আৰক্ষী চকীত পৃথকে পৃথকে এজাহাৰ দাখিল কৰা বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে৷