গুৱাহাটী, ১৩ নৱেম্বেৰঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ জালিয়াতিৰে চাকৰি লোৱা প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি সেন ডেকাই আজি পুৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। জালিয়াতিৰে চাকৰি লোৱা ৰাজৰ্ষি সেন ডেকা আৰক্ষীৰ ভয়ত যোৱা ৮ নৱেম্বৰৰ পৰা আত্মগোপন কৰি অৱশেষত আজি কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত উপস্থিত হোৱাত আৰক্ষীয়ে তেওঁক আটক কৰে। ৰাজৰ্ষি সেন ডেকাই লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰি বাক্সা জিলাৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল কিন্তু ৰাকেশ পালৰ বজাৰৰ পৰা চাকৰি ক্ৰয় কৰা বিষয়াসকল আৰক্ষীৰ জালত পৰাত ৰাজৰ্ষি সেন ডেকা আত্মগোপন কৰি আছিল। অসম আৰক্ষীয়ে ৰাজৰ্ষি সেন ডেকাৰ শুংসুত্ৰ উলিয়াবলৈ বিভিন্ন স্থানত তালাচী চলাইছিল যদিও ৰাজৰ্ষি সেন ডেকাক আটক কৰিব নোৱাৰাত আৰক্ষীয়ে তেওঁক পলাতক ঘোষণা কৰাৰ পিছতে তেওঁ আত্মসমৰ্পণ কৰে। যোৱা ৮ নৱেম্বৰৰ পৰা এতিয়ালৈ ২১ গৰাকী এছিএছ আৰু এপিএছ বিষয়া জালিয়াতিৰে ৰাকেশ পালৰ পৰা চাকৰি ক্ৰয় কৰি আৰক্ষীৰ জালত পৰিছে।