ৰঙিয়া, ১৩ নৱেম্বৰ:  এজন বিষ্ময় বালকৰ অপূৰ্ব সৃষ্টি৷ পেলনীয়া সামগ্ৰীৰে এটিএম সাজি উলিয়াইছে সপ্তম শ্ৰেণীৰ বাদলে নামৰ প্ৰতিভাৱান এজন ছাত্ৰই৷  ১০০ টকীয়াৰ পৰা ২০০০ টকীয়া লৈকে উলিয়াব পাৰি এই এটিএমটোৰ পৰা৷ মাত্র বুটাম টিপিলেই হ’ল৷ লগত আছে এটিএম কাৰ্ডো৷ পেলনীয়া কাৰ্টুন , বিকল কেলকুলেটাৰৰ কি-পেড, বিকল মোবাইলৰ বেটাৰী আদিৰে সাজি উলিয়াইছে ৰঙিয়া তুলসীবাৰীৰ পৰিমল দাসৰ পুত্ৰ বাদলে৷ কোনোধৰণৰ আনুষ্ঠানিক কাৰিকৰী শিক্ষা নোহোৱাকৈ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ১২ বছৰীয়া বাদলে মাত্ৰ তিনি দিনত এই এটিএমটো বনাবলৈ সক্ষম হৈছে৷ পখিলা খেদা বয়সত এই শিশুটিয়ে এনেদৰে সৃজনশীল কামেৰে নিজৰ উদ্ভাৱনি শক্তিৰ পৰিচয় দাঙি ধৰিছে৷ জানিব পৰা মতে, তুলসীবাৰী বহুমুখী বিদ্যালয়ৰ ছাত্ৰ বাদলক নিজৰ দুই বায়েকে এনেধৰণৰ কাৰ্যৰ বাবে উৎসাহিত কৰি আহিছে৷ কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে বিভিন্ন বস্তু সাজি উলিয়াবলৈ ভাতৃক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব নোৱাৰাত বায়েকে দুখ প্ৰকাশ কৰে৷ ছাত্ৰ হিচাপেও অতি মেধা বাদলৰ ভৱিষ্যতে অভিযন্তা হোৱাৰ মন৷ কিন্তু এই ক্ষেত্ৰত দৰিদ্ৰতাই হেঙাৰ হ’ব বুলি শংকা৷ এই প্ৰচুৰ সম্ভাৱনাময়ী ছাত্ৰজনক কোনো সুহৃদ ব্যক্তি অথবা সংগঠনে সহায়-সহযোগিতা আগবঢ়ালে আৰু উপযুক্ত প্ৰশিক্ষণ দিলে অধিক প্ৰতিভা বিকাশ কৰাৰ সুযোগ পাব বুলি জনায় পৰিয়ালৰ লোকে৷