নাহৰকটীয়া,  ১ ডিচেম্বৰঃ শুক্ৰবাৰে নাহৰকটীয়াৰ জয়পুৰ মাজকপহুৱা গাঁৱত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে হঠাৎ আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰে। নাহৰফুটুকী বাঘৰ আক্ৰমণত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে পাঁচ জনকৈ যুৱক আহত হয়। বাঘৰ আক্ৰমণত মহিলা নিহত হোৱাত স্থানীয় গাওঁবাসী উত্তেজিত হৈ পৰে আৰু বনবিভাগৰ অৱহেলাৰ ফলতেই এই আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ তুলি উত্তেজিত গাঁওবাসীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় বন বিভাগৰ লোকক। উল্লেখযোগ্য যে অঞ্চলটোত প্ৰকাণ্ড নাহৰফুটুকী বাঘ প্ৰত্যক্ষ কৰি অঞ্চলবাসীয়ে বন বিভাগক খবৰ দিয়ে। বনবিভাগৰ লোকে নাহৰফুটুকী বাঘটো লুকাই থকা অঞ্চলবাসীৰ সহযোগত নাহৰফুটুকী বাঘটোক খেদাৰ চেষ্টা চলাই থকা অৱস্থাত হঠাত বাঘটো লুকাই থকা ঠাইৰ পৰা উলাই আহি মাকন গগৈ নামৰ মহিলা গৰাকীক আক্ৰমণ কৰে। বাঘৰ আক্ৰমণ কৰাত গুৰুত্বভাৱে আহত মহিলাগৰাকীক দিঘলাপথাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মহিলাগৰাকীৰ মৃত্যুৰ পিছত গাওঁবাসী বাঘটোৰ সন্ধানত হাতে হাতে যাঠি জোং লৈ অভিযান আৰম্ভ কৰে। গাওঁবাসীয়ে বাঘটোৰ ওপৰত আক্ৰমণ কৰাত বাঘটো উত্তেজিত হৈ গাওঁবাসীৰ ওপৰত জপিয়াই পৰে। বাঘটোৰ প্ৰত্যাক্ৰমণ এইবাৰ প্ৰদীপ গগৈ, উপেন গগৈ আৰু জিতু গগৈ নামৰ আন তিনিজন যুৱক আহত হয়। তিনিজনকৈ লোক আহত হোৱাত পৰিবেশ কিছু শান্ত হয় যদিও বাঘটো পুনৰ ওলাই আহি গাওঁবাসীৰ ওপৰত আক্ৰমণত কৰি অজয় গড় আৰু ভদেশ্বৰ গগৈ নামৰ আন দুজন লোক আহত কৰে। পৰিস্থিতি অধিক অৱনতি ঘটাত স্থানীয় আৰক্ষীৰ লগতে নামৰূপৰ উপ আৰক্ষী অধীক্ষক আৰু ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগত এটা বৃহত নিৰাপত্তা ৰক্ষীৰ দল আহি অঞ্চলটোত উপস্থিত হয় যদিও ক্ৰমান্বয়ে উত্তেজিত হৈ পৰা গাঁওবাসী হাতত দা, কুঠাৰ লৈ বাঘটোৰ সন্ধানত নামি পৰে আৰু অৱশেষত বাঘটোক হত্যা কৰে। মনকৰিবলগীয়া যে বনবিভাগ আৰু আৰক্ষীৰ উপস্থিতিত গাওঁবাসীয়ে বাঘটোক হত্যা কৰি বাঘটোৰ মাংস কাটি ঘৰ লৈ যায়। এইদৰে বন বিভাগ আৰু আৰক্ষীৰ উপস্থিতিত বন্যজীৱ ওপৰত হোৱা এনে অত্যাচাৰে সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।