Assam Tourism : আইটিচি চানৰাইজ মছচলাৰ উদ্যোগত অসম পৰ্যটনৰ সহযোগত ‘চানৰাইজ ৱণ্ডাৰ আসাম’ অভিযান

In ৰাজ্য
Umra Package

গুৱাহাটী : আইটিচি লিমিটেডৰ চানৰাইজ পিউৰ, হৈছে অসমৰ দ্ৰুততম বিকাশশীল মছলা ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। অসম পৰ্যটন ব’ৰ্ডৰ সহযোগত চানৰাইছ পিউৰে অসমৰ সাংস্কৃতিকভাৱে সমৃদ্ধ জিলাসমূহত ভ্ৰমণ ব্লগৰে ইতিহাস আৰু ৰন্ধনপ্ৰণালী উদযাপন কৰিব (Assam Tourism)। এই ভ্ৰমণ ব্লগৰ জৰিয়তে অসমীয়া চলচিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অসমবাসীৰ সন্মুখত পৰম্পৰাগত সদ্যসম্ভাৰ দাঙি ধৰিব।

বৃহস্পতিবাৰে উদ্বোধনী অনুষ্ঠানত এ টি ডি চি’ৰ উপাধ্যক্ষ দিলীপ দাস, এ টি ডি চি’ৰ কনচাল্টটেণ্ট পাৰ্থ প্ৰতিম দাস, জ্যেষ্ঠ প্ৰবন্ধক নিৰেন চন্দ্ৰ দাস, এ টি ডি চি’ৰ প্ৰবন্ধক ভাস্কৰ বৰুৱা, ৰেড এফ এম’ৰ ক্লাছটাৰ হেড মনোজ সোমে, অভিনেত্ৰী অমৃতা গগৈ, ৰেড এফ এম’ৰ আৰ জে পাহিকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰ্যটনক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ‘ৱণ্ডাৰ আছাম’ অভিযানৰ জৰিয়তে অসমৰ কলা-কৃষ্টি, সংস্কৃতি আৰু অসমৰ পৰম্পৰাগত খ্যাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ’ব। নদী দ্বীপ, বন্যপ্ৰাণী, অভয়াৰণ্য, চাহ বাগানৰ লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অন্তৰ্ভুক্ত হ’ব অসমৰ পৰম্পৰাগত কলা- কৃষ্টি, সংস্কৃতি।

এই অভিযানৰ অংশ হিচাপে অভিনেত্ৰী অমৃতা গগৈয়ে ভিডিঅ’ৰ জৰিয়তে ৯ টা অঞ্চলৰ জীৱন্ত ইতিহাস আৰু কলা-সংস্কৃতি ৰাইজৰ সন্মুখত দাঙি ধৰিব। প্ৰদৰ্শন হ’বলগীয়া অঞ্চলসমূহৰ ভিতৰত আছে বিশেষভাৱে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী, শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, শিৱসাগৰ লে’ক, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চানডুবি লে’ক, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰসিদ্ধ ডিব্ৰুগড় চাহ বাগিচা। এই ব্লগৰ প্ৰথম খণ্ডটো ১৮ মাৰ্চত সম্প্ৰচাৰিত হ’ব।

খণ্ড সমূহ প্ৰতি শনিবাৰে চানৰাইজ পিউৰৰ ইউটিউব চেনেলত সম্প্ৰচাৰিত হ’ব। এই সন্দৰ্ভত এটিডিচিৰ এ টি ডি চি’ৰ উপাধ্যক্ষ দিলীপ দাস কয় যে আই টি চি চানৰাইজ পিউৰ মছলাৰ ‘ৱণ্ডাৰ আছাম’ অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে আমি আনন্দিত। এই সহযোগিতাই অসমৰ লুকাই থকা ৰত্নবোৰৰ গভীৰতা আৰু অসমৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ বুকুত উজ্বলি উঠিব। চানৰাইজ অসমৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই অংশীদাৰিত্বই দ্বাৰা আমি ৰাজ্যখনৰ অনন্য আৰু আৱিষ্কৃত আকৰ্ষণসমূহৰ পোহৰ কঢ়িয়াই আনিব বুলি আশা কৰিছো।”

এই পদক্ষেপসন্দৰ্ভত আই টি চি লিমিটেডৰ চানৰাইজ ব্যৱসায়িক মুৰব্বী পীয়ুষ মিশ্ৰাই কয় যে “চানৰাইজ বহু বছৰ ধৰি অসমৰ এক গৌৰৱান্বিত অংশ হৈ আহিছে, যি চানৰাইজ শাহি গৰম, চানৰাইজ সৰিয়হ গুৰি, চানৰাইজ হাঁহ-কুমুৰা আৰু মাৰ্ক সামগ্ৰীৰ সৈতে অসমৰ খাদ্য সংস্কৃতিত জড়িত হৈ আছে। অসম আমাৰ গৃহ আৰু আমি ৰাজ্যখনৰ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য, পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত কলা-সংস্কৃতি উদযাপন কৰি আহিছো।” অসমৰ সৌন্দৰ্য আৰু পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰি অসমবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

চানৰাইজ পিউৰ মছলা হৈছে অসমৰ দ্ৰুততম বিকাশশীল মছলা ব্ৰেণ্ড। ইয়াৰ শেহতীয়া হাঁহৰ কৰি মছলা, হাঁহ-কুমুৰাকে ধৰি ৫০ টাতকৈও অধিক উৎকৃষ্ট মানদণ্ডৰ মছলা সামগ্ৰীৰ সৈতে অসমীয়া খাদ্যৰ সোৱাদ বৃদ্ধি কৰিছে। অসমৰ বাবে নিৰ্মিত মছলাৰ এক শক্তিশালী লাইনআপৰ সৈতে ব্ৰেণ্ডটোৱে এতিয়া অসমৰ সমৃদ্ধ সংস্কৃতি প্ৰদৰ্শন কৰি সকলোৰে অংশ হ’ব বিচাৰিছে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu