Sibani Saikia 

নিউজ ডেস্ক : অৰুণাচল প্ৰদেশত দুৰ্ঘটনাগস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ (Helicopter Crash)। অৰুণাচল প্ৰদেশৰ মান্দালয়ৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগস্ত হয়। হেলিকপ্টাৰখনে অৰুণাচল প্ৰদেশৰ বমডিমালৰ ওচৰত প্ৰদৰ্শন কৰি আছিল।

ৰাতিপুৱা ৯ বাজি ১৫ মিনিটত এয়াৰ ট্ৰেফিক কন্ত্ৰলৰ সৈতে হেলিকপ্টাৰখনে সম্পৰ্ক হেৰুৱাইছিল বুলি জনা গৈছে। অনুসন্ধানকাৰী দলবোৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু হেলিকপ্টাৰখনত থকা কৰ্মচাৰীসকলক বিচাৰি অভিযান চলাই আছে। অৰুণাচল প্ৰদেশৰ মান্দালয়ৰ পাহাৰীয়া অঞ্চলৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন দুর্ঘটনাগস্ত হয়। হেলিকপ্টাৰখনত থকা দুজন পাইলট সন্ধানহীন হৈ আছে।

বৰ্তমান হেলিকপ্টাৰখনত থকা চালক দুজনক বিচাৰি অভিযান অব্যাহত আছে। পিআৰঅ’ প্ৰতিৰক্ষা গুৱাহাটীৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে সংবাদ মাধ্যমক কয় “ভাৰতীয় বায়ু সেনাৰ এখন চিতা হেলিকপ্টাৰ অপাৰেশ্যনত উলাইছিল আৰু পুৱা প্ৰায় ৯ বাজি ১৫ মিনিটত এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল।”

লেফটেনেন্ট কৰ্ণেল ৰাৱাটে লগতে কয়, “অৰুণাচল প্ৰদেশৰ বমডিলাৰ ওচৰত অপাৰেশ্যনত ওলাই যোৱা ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰখন পুৱা ৯ বাজি ১৫ মিনিটত এটিচিৰ সৈতে সম্পৰ্ক হেৰুৱাই পেলাইছে। বিমানখন বমডিলাৰ পশ্চিম মান্দালয়ৰ ওচৰত দুৰ্ঘটনাগস্ত হোৱা বুলি জানিব পৰা গৈছে। অনুসন্ধানকাৰী দলসমূহে ইতিমধ্যে উদ্ধাৰ অভিযান অভিযান আৰম্ভ কৰিছে।”

অৰুণাচল প্ৰদেশৰ আৰক্ষীয়ে জনোৱা মতে সেনাৰ হেলিকপ্টাৰখনে মাজভাগতে যোগাযোগ হেৰুৱাইছিল আৰু চেংগে গাঁৱৰ পৰা মিছামাৰিলৈ যাওঁতে অৱস্থান কৰিব পৰা নাছিল। স্থানীয় আৰক্ষীয়ে‌ জনোৱামতে বাংজালেপ গাঁৱৰ গাঁওবাসীয়ে আৰক্ষীক সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰিছিল।

জানিব পৰা মতে দুজন পাইলট হেলিকপ্টাৰখনত আছিল আৰু সেনা, এছ এছবি আৰু আৰক্ষীৰ অনুসন্ধানকাৰি দল ইতিমধ্যে ঘটনাস্থলিলৈ ৰাওনা হৈছে। স্থানীয় আৰক্ষীৰ মতে সংযোগৰ অভাৱৰ বাবে এতিয়ালৈকে অঞ্চলটোৰ ফটো উপলব্ধ হোৱা নাই। অঞ্চলটোৰ বতৰ অত্যন্ত কুঁৱলীপূৰ্ণ বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।