জোনমনি বেগম
বিশ্বনাথ
১৫ জানুৱাৰী

বন বিভাগৰ লোকে গুলীয়াই নিধন কৰিলে বিশ্বনাথত সন্ত্ৰাস চলাই থকা বনৰীয়া ম’হক। যোৱা দুদিন ধৰি বিশ্বনাথত সন্ত্ৰাস চলাই আছিল এটা বনৰীয়া ম’হ। বনৰীয়া ম’হটোৰ আক্ৰমণত নিহত হৈছিল দুজনকৈ লোক। আহত হৈছল মহিলাসহ তিনিজন।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা এটা বনৰীয়া ম’হে বিশ্বনাথ চাৰিআলিত যোৱা দুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি দুজনকৈ লোকক আক্ৰমণ কৰি হত্যা কৰিছিল। বৃহস্পতিবাৰে বিশ্বনাথৰ মটক গাঁৱৰ জয়ন্ত দাস নামৰ এজন লোক নিহত হৈছিল বনৰীয়া ম’হটোৰ আক্ৰমণত। ইয়াৰ পিছতে উত্তেজিত ৰাইজে বিশ্বনাথঘাটৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ কেন্দ্ৰীয় বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় লণ্ডভণ্ড কৰি বন বিভাগৰ এখন বলেৰ গাড়ীৰ লগতে অগ্নি সংযোগ কৰিছিল কাৰ্যালয়টোৰ কেইবাটাও গৃহত। এই ঘটনাৰ পিছতে শুকুৰবাৰে পুনৰ পুৱাৰ ভাগত বিশ্বনাথৰ শলমাৰীৰ চিকু চেণ্টাৰৰ শুকুৰ আলী নামৰ এজন ব্যক্তিক আক্ৰমণ কৰি হত্যা কৰে বনৰীয়া ম’হটোৱে। ইফালে মহটোয়ে গাঁওখনত সন্ত্ৰাস চলাই মহিদুল ইছলাম, সমত্ত ভানু নামৰ এগৰাকী মহিলা আৰু বুলবুল হুছেইন নামৰ এটা ৬ বছৰীয়া শিশুকো আক্ৰমণ কৰি আহত কৰে। আহত সকলৰ ভিতৰত সমত্ত ভানু নামৰ মহিলা গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে দুদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া ম’হটোক বন বিভাগৰ লোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি ১ নং আদাভেটিত এখন পথাৰত ঘেৰি ধৰি গুলীয়াই হত্যা কৰে। বন বিভাগে প্ৰায় ১৬ জাই গুলী চালনা কৰাৰ পিছতহে ম’হটো নিহত হয়।

ম’হটো নিধন হোৱাৰ পিছত বিশ্বনাথৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে যদিও পুণৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা যাতে বনৰীয়া জন্তু ওলাই আহি জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে বন বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে বনৰীয়া ম’হটোৰ আক্ৰমণত নিহত হোৱা জয়ন্ত দাস আৰু শুকুৰ আলীৰ পৰিয়ালক ক্ষতিপুৰণ দিবলৈও দাবী জনাইছে স্থানীয় ৰাইজে।