কুন্দন ভৰালী

নগাঁও

১৫ জানুৱাৰী

নগাঁৱত চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। আৰক্ষী চকীৰ সন্মুখৰ পৰাই ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটি নিলে ধন। চি চি টিভি কেমেৰাত বন্দী ধন লুটৰ সমগ্ৰ দৃশ্য।

শুকুৰবাৰে দিন দুপৰতে নগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখতেই সংঘটিত হৈছে এই চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। নগাঁৱৰ শ্যাম কুমাৰ ঘোষ নামৰ এজন ব্যৱসায়ীয়ে বেংকৰ পৰা চাৰি লাখ টকা উলিয়াই গুৱাহাটীলৈ যাবলৈ অপেক্ষা কৰি আছিল। তেনে সময়তে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই ব্যৱসায়ীজনৰ পৰা কাঢ়ি লৈ যায় টকাৰ মোনা।

ব্যৱসায়ীজনক পথৰ ওপৰতে বগৰাই ধনৰ বেগটো লৈ উধাও হয় দুৰ্বৃত্তই। ব্যৱসায়ীজন কিছু পৰিমানে আঘাতপ্ৰাপ্তও হয়। ধন লুটৰ সমগ্ৰ দৃশ্য বন্দী হয় চি চি টিভি কেমেৰাত। চি চি টিভি কেমেৰাৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।