লখিমপুৰ, সংবাদ ৩৬৫, ৪ নৱেম্বৰ : তিনিজনীয়া বনৰীয়া হাতীৰ দলে দীৰ্ঘদিনৰ পৰা বোকানলা আৰু গোপালপুৰ গাঁৱৰ পথাৰৰ পকা ধান খাই তহিলং কৰিছে।

জানিব পৰা অনুসৰি লখিমপুৰ জিলা বন বিভাগৰ অধীনৰ কাকৈ বন খণ্ডৰ বোকানলা বনাঞ্চলৰ পৰা ওলাই আহি বনৰীয়া হাতীকেইটাই কদম ৰাজহ চক্ৰৰ অধীনৰ ১ নং বোকানলা আৰু গোপালপুৰ গাঁৱৰ পথাৰৰ পকা ধান খাই, মহতিয়াই তহিলং কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

ইয়াৰোপৰি স্থানীয় ৰাইজে জনোৱা অনুসৰি হাতীৰ জাকটোৱে মানুহৰ বাৰীত সোমাই তামোল গছ, কলগছ ভাঙি খাইও তহিলং কৰিছে।

অশেষ কষ্টেৰে খেতি কৰা কৃষকসকলে ধানৰ খেতি এনেদৰে নষ্ট হৈ যোৱা দেখি মূৰে কপালে হাত দিছে।

ইফালে হাতীৰ জাকটোৰ পৰা ৰক্ষা পাবলৈ কাকৈ বন খণ্ডৰ বন বিষয়া বম্বেশ্বৰ গগৈক গাঁওবাসীয়ে অনুৰোধ জনাই আহিছে যদিও বনকৰ্মীৰ অভাৱৰ অজুহাত আদি দেখুৱাই কোনোধৰণৰ কানসাৰ দিয়া নাই বিষয়াগৰাকীয়ে।