নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ নৱেম্বৰ : বহু অপৰাধমূলক কামৰ ঘাটিত পৰিণত হৈছে কামৰূপ জিলাৰ সদৰ আমিনগাওঁ আৰু উত্তৰ গুৱাহাটী। যাৰ মূল কাৰণ হৈছে মদৰ দোকানসমূহ।

জানিব পৰা অনুসৰি উক্ত মদৰ দোকানসমূহ ৰাইজৰ অজ্ঞাতে স্থাপন কৰা হৈছিল । এই দোকানসমূহৰ বিৰুদ্ধে মলুখাতল নামঘৰৰ প্ৰাংগণত গাওঁ উন্নয়ন সমিতিৰ সভাপতি সন্তোষ বড়োৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি মদৰ দোকানসমূহ বন্ধ কৰিবৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

সিদ্ধান্ত অনুসৰি ১০ দিনৰ ভিতৰত মদৰ দোকান বন্ধ কৰিবলৈ নাইবা বেলেগ স্থানলৈ নিবলৈ মালিক পক্ষক চিঠি প্ৰেৰণ কৰা হ’ব । বন্ধ নকৰিলে কামৰূপ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাব গাঁৱৰ ৰাইজে।