গোৱালপাৰা, ১ ডিচেম্বৰ, ২০২৩ : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু (Wild Elephant Killed One)। বনৰীয়া হাতীৰ আক্ৰমণত পথাৰত ধান ডাবলৈ যোৱা এগৰাকী মহিলাৰ মৃত্যু। বন বিভাগৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ। বন বিভাগৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ দাবী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। প্ৰতিদিনে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হৈ থকা বুলি কলেও ভুল নহ’ব। দ্ৰুত গতিত বনাঞ্চল ধ্বংসৰ বাবেই বনৰীয়া হাতী আৰু মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে। নামনি অসমৰ লগতে উজনিৰ অসমৰ কেইবাখনো জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকা দেখিবলৈ পোৱা যায়।

বিশেষকৈ গোৱালপাৰা জিলাত প্ৰতিদিনে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলাই থকাৰ বাতৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে।পুনৰ গোৱালপাৰা জিলাত দেখিবলৈ পোৱা গৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলা। এই শোকাবহ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বুধিপাৰাত।

শুকুৰবাৰে বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় জলজলি দাস নামৰ এগৰাকী মহিলা। বুধিপাৰা শান্তিপুৰ জংঘল ব্লকৰ নিবাসী দুৰ্গা দাসৰ পত্নী জলজলি দাস শগুনবাহী বনাঞ্চলৰ কাষৰ পথাৰত ধান ডাবলৈ গৈছিল। হঠাৎ দুটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে মহিলা গৰাকীক আক্ৰমণ কৰে ফলত থিতাতে নিহত হয় মহিলা গৰাকী। বনৰীয়া হাতীৰ আক্ৰমণত ছিন্ন বিছিন্ন হৈ পৰে মহিলা গৰাকীৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিছতো বহু পলমকৈ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰি বন বিভাগৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। ৰাইজে অতি শীঘ্ৰে অঞ্চটোত বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগক দাবী জনাইছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে কিছুদিন পূৰ্বেও গোৱালপাৰাত ৰবৰ বাগানত ৰবৰ কাটিবলৈ যোৱা এজন লোক নিহত হৈছিল বনৰীয়া হাতীৰ আক্ৰমণত।

নিজৰ ৰবৰ বাগানত ৰবৰ কাটিবলৈ চাইকেলেৰে গৈ থকা অৱস্থাত বাটত ৰাখি থকা এটা বনৰীয়া হাতীয়ে নৰেশ্বৰ ৰাভা নামৰ প্ৰাক্তন সেনা জোৱানজনক আক্ৰমণ কৰাত থিতাতে নিহত হৈছিল নৰেশ্বৰ ৰাভা নামৰ প্ৰাক্তন সেনা জোৱানজন। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ভয়াবহ ৰূপ ধাৰণ কৰিছে। চলিত বৰ্ষত গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত ১৫ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।