নগাঁও, ২ ডিচেম্বৰ, ২০২৩ : ভূমিক কেন্দ্ৰি কৰি দুই ফৈদৰ মাজত ভয়ংকৰ সংঘাত। আহত কেইবাজনো লোক (Injured Several People)। অগ্নি সংযোগ চাৰিটাকৈ বাসগৃহত। জ্বলি ভস্মীভূত হ’ল বাসগৃহ চাৰিটা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

শনিবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভূমি কেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ভূমি দখল কৰাকলৈ দুই ফৈদৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘাত। এই সংঘাতৰ বাবে আহত হৈছে ৬ জনকৈ লোক। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। ভূমি দখল কৰিবলৈ অহা দলটোৱে অগ্নি সংযোগ কৰাত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে, নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰ চিতলমাৰি বিলৰ ৰহিমউদ্দিন আৰু আব্দুল ৰচিদ নামৰ দুজন লোকৰ ভূমি দখল কৰিবলৈ আহে ফাইজুল ইছলাম নামৰ এজন লোকৰ লগতে এটা দল। ফাইজুল ইছলামৰ দলটোৱে ভূমি দখল কৰিবলৈ লোৱাত ৰহিমউদ্দিন নামৰ লোকজনৰ পৰিয়ালে বাধা প্ৰদান কৰে। ইয়াৰ পিছতে দুয়ো ফৈদৰ মাজত আৰম্ভ হয় সংঘাতৰ। দুয়ো পক্ষৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণত গুৰুত্বভাৱে আহত হয় ৬ জনকৈ লোক।

ভূমি দখল কৰিবলৈ অহা ফাইজুল ইছলামৰ দলটোৱে চাৰিটাকৈ বাসগৃহত অগ্নি সংযোগ কৰাত বাসগৃহ চাৰিটা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এই অগ্নিকাণ্ডত এজন পুৰুষ আৰু এগৰাকী মহিলা অগ্নিদগ্ধ হৈছে বুলিও জানিব পৰা গৈছে। অগ্নিদগ্ধ হোৱা পুৰুষজন দিলদাৰ হুছেইন আৰু মহিলা গৰাকী শুকুৰি খাতুন। ঘটনাৰ খবৰ পাই আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, পুৱা ৮ মান বজাত এই ঘটনা সংঘটিত হৈছিল। ভূমি দখল কৰিবলৈ অহা ফাইজুল ইছলামে প্ৰায় ১২ জনীয়া এটা দল লৈ আহিছিল। ভূমি দখল কৰিবলৈ অহা দলটোৱে ৰহিমউদ্দিন নামৰ লোকজনৰ চাৰিটাকৈ বাসগৃহ জ্বলাই দিয়াত পৰিয়ালটো গৃহহীন হৈ পৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।