বকো, সংবাদ ৩৬৫, ৬ জুনঃ কামৰূপ জিলাৰ বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বকোৰ কেন্দুগুৰিত মঙলবাৰে ৰাভা জনগোষ্ঠীৰ লোক সকলৰ বাইখ’ উৎসৱ উদযাপন কৰা হয়। উৎসৰ লগত সংগতি ৰাখি ৰাভাসকলৰ পাৰম্পাৰিক ছাথাৰ আৰু বগেজাৰী নৃত্য তথা লেৱা টনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। ৰাভা জনগোষ্ঠীৰ লোকসকলে সমগ্ৰ অসমীয়া জেঠ মাহটো ৰাভা সকলৰ জাতীয় উৎসৱ বাইখ’ উদযাপন কৰে। ৰাভাসকল যুজাৰু জাতি আৰু বাইখ’ পূজাৰ জৰিয়তে ৰাভাসকলে নিজৰ শক্তি আৰু শস্যৰ উন্নতিৰ বাবে বাইখ’ দেৱীক আৰাধনা কৰে। ৰাভাসকল যদিও হিন্দু তথাপিও ৰাভাসকলৰ নিজা পৰম্পৰা আৰু ৰীতি নীতি আছে আৰু বাইখ’ পূজাৰ জৰিয়তে ৰাভাসকলে নিজৰ পৰম্পৰা আৰু ৰীতি নীতিক জীৱিত ৰখাৰ প্ৰয়াস কৰে। পূৰ্বতে ৰাভাসকলৰ দদান ৰজাই শক্তি আৰাধনা কৰিছিলে আৰু এই শক্তি অক্ষুণ্ম ৰাখিবলৈ বাইখ’ দেৱীক আৰাধনা কৰিছিলে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি অনুসৰি মঙলবাৰে বকোৰ কেন্দুগুৰিত ৰাভাসকলৰ বাইখ’ উৎসৱৰ আৰম্ভণি হয় আৰু দিনযোৰা পূজা পাতলৰ অন্তত গধূলি পূজাৰীসকলে কিল্লা ভঙা আৰু বাৰনক্কায় নৃত্য (অগ্নি নৃত্য) প্ৰদৰ্শন কৰি বাইখ’ দেৱীক আৰাধনা কৰে।