অনলাইন সংবাদ ৩৬৫, ৪ অক্টোবৰঃ চৌদি আৰৱত এজন ভাৰতীয় মূলৰ ট্ৰাক চালকৰ প্ৰাণৰক্ষা কৰি ভাৰতীয় দূতাবাসৰ পৰা পুৰস্কৃত হয় দেশখনৰ এগৰাকী ২২বছৰীয়া যুৱতী। ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা ভাৰতীয় দূতাবাসে  জাৱাহাৰ ছইফ অল কুমেটি নামৰ ২২বছৰীয়া যুৱতী গৰাকীয়ে নিজৰ জীৱনকো তুচ্ছ কৰি ভাৰতীয় নাগৰিকৰ প্ৰাণৰক্ষা কৰাৰ বাবে পুৰস্কৃত কৰে। কিছুদিন পূৰ্বে কুমেটি নিজৰ এগৰাকী বান্ধৱীৰ লগত গাড়ীৰে চৌদি আৰৱৰ অল ৰাইমালৈ গৈ থকা অৱস্থাত ৰাজপথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ দেখা পায়। সংঘৰ্ষৰ ফলত দুয়োখন ট্ৰাক জ্বলিবলৈ ধৰে আৰু তাৰে এখন ট্ৰাকত এজন লোক আৱদ্ধ হৈ সহায়ৰ বাবে চিঞৰি থকা দেখি কুমেটিয়ে লগত থকা বান্ধৱীৰ আয়াবলৈ (বোৰ্খা) লোকজনক সহায়ৰ বাবে আগবাঢ়ি যায়৷ কুমেটিয়ে জলন্ত ট্ৰাকৰ মাজৰ পৰা লোকজনক আয়াবেৰে (বোৰ্খা) ঢাকি উদ্ধাৰ কৰি আনে। সংঘর্ষৰ সময়ত ঘটনাস্থলীত বহুতো লোক উপস্থিত আছিল যদিও ট্ৰাক চালক জনক উদ্ধাৰ কৰিবলৈ কোনেও আগবাঢ়ি যাবলৈ সাহস কৰা নাছিল। কুমেটিয়ে নিজৰ উপস্থিত বুদ্ধি আৰু সাহসেৰে ট্ৰাক চালকজনক প্ৰাণৰক্ষা কৰে। কুমেটিয়ে প্ৰাণৰক্ষা কৰা চালক জনৰ নাম হাৰকৃত সিংহ বুলি জানিব পৰা গৈছে। পিছত হাৰকৃত সিংহক উদ্ধাৰকাৰী দলে চিকিৎসালয়ত ভৰ্তি কৰায়। উল্লেখ্য যে, কুমেটিয়ে জ্বলন্ত ট্ৰাকৰ পৰা হাৰকৃতক উদ্ধাৰ কৰি অনা সময়ত নিজক সুৰক্ষিত ৰাখিবলৈ বান্ধৱীৰ আয়াবখন (বোৰ্খা) ব্যৱহাৰ কৰিছিল৷