তুৰা, ৫ অক্টোবৰঃ অসমৰ কাষৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ সিজু গাঁৱত বুধবাৰে এজন মাছমৰীয়াৰ বৰশীত ধৰা পৰিল দুস্পাপ্য ইল মাছ। প্ৰায় ১০কেজি ওজনৰ এই প্ৰকাণ্ড আকাৰৰ ইল মাছটোক চাবলৈ সিজু গাঁৱলৈ সহস্ৰাধিক লোকৰ আগমণ ঘটে৷ দক্ষিণ গাৰো পাহাৰৰ এটা নিজৰাত মাছ ধৰিবলৈ যোৱা এজন মাছমৰীয়াৰ বৰশীত এই দুস্পাপ্য ইল মাছটো ধৰা পৰে৷ গাৰো সম্প্ৰদায় লোকৰ মাজত ইল মাছ কাৰেণ্ট মাছ (ইলেকট্ৰিক ফিছ) হিচাপে জনাজাত৷ গাৰো বসতিপূৰ্ণ মেঘালয়ৰ গাৰো পাহাৰৰ নিজৰাত পোৱা দুস্পাপ্য ইল মাছ অতি সুস্বাদু হোৱাৰ বাবে বৃহৎ আকাৰৰ এই মাছটো ধৰা পৰাত গাঁৱখনত এক  উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। সঘনাই হৈ থকা চিকাৰৰ ফলত বৰ্তমান ইল মাছ পৃথিৱীৰ পৰা প্ৰায় বিলুপ্তি হোৱাৰ পথত যদিও গাৰো পাহাৰত থকা নিজৰা সমূহত কিছু পৰিমাণে ইল মাছ দেখিবলৈ পোৱা যায়। নামনি অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী নিজৰা সমূহতো ইল মাছ পোৱা যায়।

কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী এলেকাত সংবাদ ৩৬৫ৰ কেমেৰাত ধৰা পৰা দুস্পাপ্য ইল মাছৰ এটা ভিডিঅ’ এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ল৷ ভিডিঅ’ চাবলৈ তলৰ লিংকত ক্লিক কৰকঃ