হোজাই, ৫ জুলাইঃ ৰাজ্যৰ অন্যতম সেউজ শাক পাচলিৰ ভৰাল ৰূপে পৰিচিত হোজাইৰ কপাহবাৰীত কৃত্ৰিম বানত বহু পাচলিৰ খেতি বিনষ্ট  হয়। বিগত কেবাদিন ধৰি হোৱা  নেৰানেপেৰা বৰষুণৰ ফলত খেতিয়কসকল বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। উল্লেখ্য যে, কপাহবাৰীৰ কৃষকে অশেষ কষ্টৰে গাঁঠিৰ ধন খৰচ কৰি কৰা নানা ধৰণৰ শাক-পাচলিৰে খেতি-পথাৰ সেউজীয়া কৰি তুলিছিল। পথাৰৰ শস্য বিক্ৰী কৰি পৰিয়াল  পোহপাল দিয়া এইসকল কৃষক এতিয়া সৰ্বস্বান্ত। ক্ষতিগ্ৰস্ত কৃষকৰ পৰা জানিব পৰা মতে,  বিগত দিনত হোৱা  নেৰানেপেৰা বৰষুণৰ ফলত বেঙেনা, কোমোৰা, ভোল, তিঁয়হ,  লাউ, জলকীয়া আদি পাচলি বৰ্তমান পানীৰ তলত। খেতি পথাৰত পানী জমা হৈ  শ-শ বিঘা মাতিৰ মূল্যবান পাচলি পচি  নষ্ট হৈছে। ফলত লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হৈ পৰিছে বিনা বেতনে শিক্ষাদান কৰা শিক্ষকৰ লগতে কৃষকসকল । এই নিৰিহ সৰ্বস্বান্ত কৃষকসকলৰ খবৰ ল’বলৈ বৰ্তমানলৈ কোনো বিভাগীয় কৰ্তৃপক্ষ কপাহবাৰীত উপস্থিত নোহোৱাত খেতিয়কসকলে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। কপাহবাৰীৰ এইসকল খেতিয়কে চৰকাৰী সাহাৰ্য পাবলৈ সক্ষম হ’বনে, এয়া কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।