অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৯ ছেপ্টেম্বৰঃ দেশৰ প্ৰধান বাণিজ্যক চহৰ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেচনত আজি পুৱা সংঘটিত হোৱা এক দুর্ঘটনাত ২৩ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয়। শুকুৰবাৰে পুৱা ১০.৪৫ বজাত বৰষুণৰ পৰা ৰক্ষা পাবলৈ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেচনত থকা এক ফুট ব্ৰীজত কেইবা শ লোকে উঠাত ব্ৰীজৰ ওপৰত ঠেলা হেঁচাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত ব্ৰীজখনৰ পৰা পৰি ২৩ জনকৈ লোক নিহত হয়। ৰেল ষ্টেচনৰ ফুট ব্ৰীজৰ ওপৰত অথ্যাধিক লোক উঠাত ব্ৰীজখনৰ ওপৰত হুৱা-দুবা লাগে ৰেল ষ্টেচনত এই দুর্ঘটনা সংঘটিত হয়। দুর্ঘটনাৰ ফলত থিতাতে ১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৮ গৰাকী লোকৰ মৃত্যু চিকি চিকিৎসালয়ত হয়। এই দুর্ঘটনাত প্ৰায় ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।