ৰাজ্যিক বিজেপিৰ গুৰুত্বপূর্ণ বিভাগসমূহৰ পৰ্যালোচনা সভা

In ৰাজ্য
TheChocolateRoomTezpur

অতি শীঘ্ৰে অসমলৈ আহিব ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ

গুৱাহাটী,১১ এপ্ৰিল : ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসৰ পৌৰহিত্যত ৰাজ্যিক কাৰ্যালয়ত দলটােৰ বিভিন্ন বিভাগ আৰু প্রকল্পৰ গুৰুত্বপূর্ণ পৰ্য্যালোচনা সভা এখন অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি কার্যকর্তাসকলক সম্বোধন কৰে উত্তৰ পূৰ্বাঞ্চালৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল৷ সভাত ভাৰতীয় জনতা পাৰ্টিৰ ২০ টা বিভাগ আৰু ১০ টা প্রকল্পৰ কাম-কাজ সক্রিয়তাৰে আগবঢ়াই লৈ যাবলৈ ৰাজ্যিক সভাপতিগৰাকীয়ে বিভিন্ন পৰামৰ্শৰ লগতে সকলোকে নিষ্ঠাৰে দলৰ এই দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে দলৰ পূৰ্বৰ কোষসমূহ ভংগ কৰি ৰাষ্ট্ৰীয় সমিতিয়ে বিভিন্ন বিভাগ আৰু প্রকল্পৰ নামত দলটা শক্তিশালী কৰাৰ বাবে উদ্যোগ গ্রহণ কৰিছে। আনহাতে ৰাজ্যিক সভাপতি গৰাকীয়ে কাৰ্যকর্তা সকলক অৱগত কৰে যে অতি শীঘ্ৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ বিভিন্ন বিভাগ আৰু প্রকল্পসমূহৰ কামৰ পৰ্যালোচনা কৰিবলৈ ৰাজ্যখন ভ্ৰমণ কৰিব বুলি মুখপাত্র অপৰাজিতা ভূঞাই জানিবলৈ দিয়ে৷ সভাত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্রনাথ শৰ্মা আৰু যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক অজয় কোঁৱৰো উপস্থিত থাকে৷

 

You may also read!

এইবাৰ শিৱসাগৰত ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী কন্যা শিশু

আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ : এইবাৰ শিৱসাগৰত কন্যা শিশুক ধর্ষণ কৰি ৰঙাঘৰৰ আলহী হ'ল ৫৫ বছৰীয়া লম্পট।

Read More...

ভাৰত-বাংলাদেশ সীমান্তত মাটিৰ তলৰ পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা

মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত মাটিৰ তলৰ পৰা ওলাল ট্রাংক ভৰ্তি গাঞ্জা। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ

Read More...

বৰঝাৰ বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিলে নাগালেণ্ডৰ ভোট জলকীয়া

গুৱাহাটী : বৰঝাৰ বিমান বন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিলে নাগালেণ্ডৰ ভোট জলকীয়া। নাগালেণ্ডৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰঝাৰ বিমান

Read More...

Mobile Sliding Menu