গুৱাহাটী

১৯ নৱেম্বৰ

অখিল গগৈৰ চিত্ৰ অংকন কৰা চিত্ৰশিল্পী সকলক আটক কৰিলে বশিষ্ঠ আৰক্ষীয়ে। কাৰাবন্দী অখিল গগৈৰ চিত্ৰও যেন এতিয়া চৰকাৰ তথা প্ৰশাসনৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। চৰকাৰে অখিল গগৈৰ চিত্ৰ দেখিও ভয় কৰিছে। বশিষ্ঠ আৰক্ষী ধিক্কাৰ। এতিয়া সামাজিক মাধ্যমত এনে ধৰণৰ পোষ্ট। চৰকাৰ, প্ৰশাসন আৰু আৰক্ষীক ধিক্কাৰ দি অখিল গগৈৰ সমৰ্থনৰ প্ৰষ্টেৰে ভৰি পৰিছে সামাজিক মাধ্যম।

“কা” আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কৃষক নেতা অখিল গগৈ দীৰ্ঘদিন দিন ধৰি কাৰাবন্দী। কৃষক নেতা গৰাকীক কাৰমুক্তি কৰাৰ আইনী যুঁজ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে আছিল অখিল গগৈ জামিনৰ বাবে অখিল গগৈৰ অধিবক্তৰ শুনানিক অন্তিম দিন। ইফালে বুধবাৰৰ পৰাই সামাজিক মাধ্যমত দেখা গৈছিল অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন জনৰ পোষ্ট। অখিল গগৈৰ মুক্তিৰ দাবীত বুধবাৰে নিশাৰে পৰা লালমাটিত নিধি ভৱনৰ সমূখনত থকা দলংৰ দেৱালত চাৰি গৰাকীকৈ চিত্ৰশিল্পীয়ে অখিল গগৈক আৰক্ষীয়ে চলোৱা অত্যাচাৰ শীৰ্ষক এক চিত্ৰ অংকন আৰম্ভ কৰিছিল।

বুধবাৰ নিশাৰ পৰা বৃহস্পতিবাৰ পুৱাৰ ভাগলৈকে চিত্ৰশিল্পী কেইবাগৰাকীয়ে অখিল গগৈৰ চিত্ৰ অংকন চলাই আছিল যদিও দুপৰীয়াৰ ভাগত বশিষ্ঠ আৰক্ষীৰ এটা দল লালমাটিত উপস্থিত হৈ চিত্ৰশিল্পী সকলক অখিল গগৈৰ চিত্ৰ অংকনত বাধা প্ৰদান কৰি ইতিমধ্যে দেৱালত অংকন কৰা অখিল গগৈৰ চিত্ৰ মুচি দিবলৈ নিৰ্দেশ প্ৰদান কৰে। বশিষ্ঠ আৰক্ষীৰ দলটোৱে দেৱালত অখিল গগৈৰ চিত্ৰ অংকন কৰি থকা চিত্ৰশিল্পী সকলক আটক কৰি বশিষ্ঠ থানলৈ লৈ যায়।

অখিল গগৈৰ মুক্তিৰ দাবী জনাই চিত্ৰ অংকন কৰা চিত্ৰশিল্পী কেইগৰাকীক বশিষ্ঠ আৰক্ষীয়ে আটক কৰাৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হয় ৰাজ্য চৰকাৰ আৰু আৰক্ষীৰ তীব্ৰ সমালোচনা। চিত্ৰশিল্পী সকলক আৰক্ষীয়ে আটক কৰা ঘটনাক সামাজিক মাধ্যমত গৰিহণা দিয়া বিভিন্ন জনে দিয়ে বিভিন্ন ধৰণৰ পোষ্ট। কিছুমালে পোষ্ট দিছে অখিল গগৈক মুক্তি দিয়ক। কিছুমানে ধিক্কাৰ দিছে আৰক্ষী আৰু ৰাজ্য চৰকাৰক। কিছুমানে স্বাধীনতা ক’ত বুলি প্ৰশ্ন কৰি পোষ্ট দিছে। কিছুমানে আকৌ দিছে চৰকাৰ আৰু প্ৰশাসনৰ বাবে সন্ত্ৰাস হৈ পৰিছে নেকি অখিল গগৈ। কিছুমানে সামাজিক মাধ্যমত অখিল গগৈক সমৰ্থন জনাই পোষ্ট দিছে চৰকাৰখনে অখিক গগৈৰ চিত্ৰ দেখিও ভয় কৰে নেকি?

মুঠতে অখিল গগৈৰ চিত্ৰ দেৱালত অংকন কৰা আৰ্ট কালেক্টিভ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ চিত্ৰশিল্পী সকলক বশিষ্ঠ আৰক্ষীয়ে আটক কৰাৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ সমালোচনা আৰম্ভ হৈছে চৰকাৰ তথা প্ৰশাসনৰ। অখিল গগৈৰ মুক্তিৰ দাবীত সামাজিক মাধ্যম উতলা কৰি তুলিছে অখিল গগৈৰ সমৰ্থক সকলৰ লগতে একাংশ ৰাইজে। উল্লেখ্য যে কা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কৃষক নেতা অখিল গগৈক ২০১৯ চনৰ ১২ ডিচেম্বৰ তাৰিখে যোৰহাটত গ্ৰেপ্তাৰ কৰা হৈছিল।