আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৯ নৱেম্বৰ

ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জত দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদত। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিজেপি চৰকাৰে মহিলাক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ শিৱসাগৰৰ মহিলা কংগ্ৰেছৰ।

ত্ৰিপুৰাৰ দুই যুৱতীক কৰিমগঞ্জৰ নিলামবজাৰত দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিয়ে। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছ কমিটিৰ উদ্যাগত শিৱসাগৰ সমষ্টিৰ নগৰ গ্ৰাম্য ব্লকৰ সহযোগত শিৱসাগৰ ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী সমদল উলিয়াই জে পি আগৰৱালা পথত অৱস্থান গ্ৰহণ কৰা প্ৰতিবাদকাৰী কংগ্ৰেছী মহিলা সকলে বিজেপি চৰকাৰে মহিলাক ৰক্ষণাবেক্ষণ দিব নোৱাৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পৰাজিতা গগৈ, শিৱসাগৰ মহিলা ব্লকৰ সভানেত্ৰী নাজমা বেগম, শিৱসাগৰ নগৰ ব্লকৰ সভানেত্ৰী অঞ্জলি দাস, শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি ৰূপক ভূঞা, শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিজিত দত্ত, শিৱসাগৰ ব্ল’ক কংগ্ৰেছৰ সভাপতি লাচিত মহন, যুৱ কংগ্ৰেছৰ বিষয়ববীয়া আৰু মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সহ শতাধিক মহিলা আৰু পুৰুষ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে।