আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শি

ৱসাগৰ

১৯ নৱেম্বৰ

‘ঐতিহাসিক কীৰ্তিচিহ্নসমূহ হৈছে সভ্যতা-সংস্কৃতি আৰু জাতিৰ দাপোন৷ পূৰ্ব পুৰুষে এৰি থৈ যোৱা এই ঐতিহ্য সংৰক্ষণৰ বাবে সকলোৰে গধূৰ দায়িত্ব আছে৷ অসম চৰকাৰে বিশ্বৰ বুকুত ৰাজ্যৰ মানচিত্ৰ জিলিকাই তোলাৰ যি লক্ষ্য স্থিৰ কৰিছে সেয়া বাস্তৱায়িত কৰাৰ বাবে ঐতিহ্য সংৰক্ষণৰ দিশত নিৰৱচ্ছিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷’ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ ন-পুখুৰী প্ৰত্নতাত্ত্বিক স্থানত আয়োজিত ‘বিশ্ব ঐতিহ্য সপ্তাহ-২০২০’ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰকে ধৰি দেশৰ পাঁচখন স্থানক ‘আইকনিক স্থান’ হিচাপে ঘোষণা কৰিছে আৰু এই স্থানৰ ঐতিহ্য সংৰক্ষণ আৰু সংৱদ্ধৰ্নৰ বাবে পদক্ষেপ হাতত লৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ জিলাই ৰাজ্যৰ পৰিচয় বিশ্বৰ বুকুত সগৌৰৱে উজলাই তুলিছে৷ পূৰ্ব পুৰুষে গঢ় দিয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহক শক্তিশালী সমল হিচাপে লৈ একবিংশ শতিকাত ৰাজ্যখনক বিকশাই তোলাৰ বাবে চৰকাৰে সংকল্প লৈছে৷ এই কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ বাবে সকলোৱে উমৈহতীয়া দায়িত্ব ল’ব লাগিব৷ ৰাজ্যৰ ঐতিহাসিক সম্পদৰাজিৰ সম্পৰ্কে বিশ্ব সমাজক অৱগত কৰিবলৈ সকলোৱে সহযোগিতাৰে কাম কৰিব লাগিব৷

মুখ্যমন্ত্ৰীয়ে কয় যে ৪২ গৰাকী আহোম স্বৰ্গদেউৰ স্মৃতি জাউতিযুগীয়া কৰাৰ লগতে শিৱসাগৰ জিলা তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ থকা কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংৱদ্ধৰ্নৰ বাবে ৰাজ্যৰ প্ৰত্নতাত্ত্বিক বিভাগে দায়ৱদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰবাদপুৰুষসকলৰ স্মৃতি সংৰক্ষণৰ জৰিয়তে প্ৰতিটো জাতি-জনগোষ্ঠীৰ মান-সন্মান, স্বাভিমান বৃদ্ধিৰ বাবে নিৰলস প্ৰয়াস অব্যাহত ৰাখিছে৷

উঠি অহা প্ৰজন্মক ৰাজ্যৰ গৰিমামণ্ডিত ইতিহাসৰ সম্পৰ্কে গভীৰভাৱে অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বান্দন সোণোৱালে আহ্বান জনাই কয় যে জিলা প্ৰশাসন তথা জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ শেহতীয়াকৈ অসম চৰকাৰে বিধানসভাত অনুমোদন জনোৱা ঐতিহ্য সুৰক্ষা সংক্ৰান্তীয় বিধেয়কখনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ কাৰ্যকৰীকৰণে ঐতিহ্য সংৰক্ষণৰ দিশত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব৷ তদুপৰি, ছাত্ৰ-ছাত্ৰীসকলে নিজ জিলাৰ কীৰ্তিচিহ্নসমূহ অধ্যয়নৰ বাবে যাতে উপযুক্ত সুযোগ লাভ কৰে তাৰ বাবে প্ৰশাসন আৰু জনপ্ৰতিনিধিসকলে দায়িত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক সম্পদ সংৰক্ষণ, নতুন প্ৰজন্মৰ মাজত ইতিহাস চেতনা জাগ্ৰত কৰি ইতিহাস অধ্যয়ন আৰু বিশ্লেষণৰ প্ৰতি সকলো শ্ৰেণীৰ লোকক উৎসাহিত কৰাৰ প্ৰচেষ্টাত ব্ৰতী হোৱা হোজাইৰ কৃষ্ণ কুমাৰ সিংহ, শিৱসাগৰ জিলাৰ নবীন বুঢ়াগোহাই আৰু ধেমাজিৰ ঘুগুহা দল সংৰক্ষণ সমিতিক ‘ঐতিহ্য মিত্ৰ’ সন্মান প্ৰদান কৰি তেওঁলোকক প্ৰশস্তিপত্ৰ, অংগবস্ত্ৰ, স্মৃতিপট আৰু ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্যৰ চেক আগবঢ়ায়৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক সম্পদৰাজি সংৰক্ষণৰ দিশত কাম কৰি অহা ৫ গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে গড়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ বুঢ়াগোহাই, নামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জীতেন বৰপাত্ৰগোহাঁই, চৰাইদেউ চফ্ৰাইৰ চিকিৎসক ডাঃ অতুল বুঢ়াগোহাঁই, শিৱসাগৰৰ ডিমৌৰ অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণ গগৈ আৰু চৰাইদেউ বৰহাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক তুলসী নেওগক সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীয়ে প্ৰত্নতাত্ত্বিক সঞ্চালকালে প্ৰকাশ কৰা তিনিখনকৈ গ্ৰন্থ ক্ৰমে ‘আৰ্কিঅ’লজিকেল হেৰিটেজ অৱ চাউথ এছিয়া’, ‘হেণ্ডবুক অন আৰ্কিঅ’লজি অৱ আছাম’ আৰু ‘এক্সপ্ল’ৰেশ্যন ৰিপৰ্ট অৱ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট’ নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰকে ধৰি যি ৫ খন স্থানক ‘আইকনিক স্থান’ হিচাপে ঘোষণা কৰিছে সেই সমূহৰ সংৰক্ষণ আৰু সংৱদ্ধৰ্নৰ বাবে প্ৰায় ৩৫০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ এই পদক্ষেপৰ অধীনত শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণৰ লগতে এইসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জিলাখনত এটা বিশ্ব মানৰ সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ব৷ আনহাতে চৰাইদেউ মৈদামস্থলী ইউনেস্কৰ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ সম্ভাব্য তালিকাত অন্তৰ্ভূক্ত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই মৈদামস্থলী সংৰক্ষণ আৰু সংৱদ্ধৰ্নৰ বাবে ৰাজ্য চৰকাৰে ২৫ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে৷ তদুপৰি, ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ বেদখলমুক্ত কৰি সেইসমূহ সংৰক্ষণৰ বাবে পদক্ষেপ লৈছে আৰু ইয়াৰ অংশ হিচাপে শিৱসাগৰ ন-পুখুৰী পাৰৰ প্ৰায় ৬৪৫ বিঘা ভূমি আৰু ঐতিহাসিক পহুগড়ৰ প্ৰায় ৩৪৫ বিঘা ভূমি প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ক সংৰক্ষণমূলক পদক্ষেপৰ বাবে হস্তান্তৰ কৰা হৈছে৷ তদুপৰি, ‘ঐতিহ্য মিত্ৰ’ৰ দৰে প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ে ‘ঐতিহ্য পৃষ্ঠপোষক’ নামেৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে বুলি মন্ত্ৰীগৰাকীয়ে কয়৷

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱাইও ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী, নৱনীতা সন্দিকৈ আৰু ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰী, অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বুঢ়াগোহাঁই, প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালিকা দিপীৰেখা কুলী, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষ্মীনন্দন গগৈ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷