গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : মঙলবাৰে সংশোধনী নাগৰিকত্ব আইনৰ বিৰুদ্ধে দলীয় কৰ্মীৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অগপৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছিল।

পিছে অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ল বৈঠকখন। অগপৰ মুখ্য প্ৰৱেশদ্বাৰতে তলা লগাই থোৱা আছিল । কেৱল মুখ্য প্ৰৱেশদ্বাৰতে নহয় কাৰ্য্যালয়টোৰ তিনিওখন গেটতে লগাই থোৱা হৈছিল তলা।

তলা দেখি উভতি যায় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । পাছত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনতে অনুষ্ঠিত কৰা হয় বৈঠকখন ।

আমাৰ নিজৰ কাৰ্য্যালয় থকাৰ পিছতো কিয় বেলেগত সভা অনুষ্ঠিত কৰিব লাগে বুলি মন্তব্য কৰে অগপ তৃণমূল কৰ্মীয়ে ।

অগপ সভাপতি অতুল বৰাই এই ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ তৃণমুল কৰ্মীয়ে ।