গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : কালিলৈ অৰ্থাৎ ৮ জানুৱাৰীত ভাৰত বন্ধৰ আহ্বান জনাইছে কেইবাটাও সংগঠনে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান জনাইছে।

এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে কেইবাটাও সংগঠন আই এন টি ইউ চি, এ আই টি উফ চি, চিটু, এ আই ইউ টি ইউ চি, এ আই চি চি টি ইউ আদিকে ধৰি সন্মিলিত মঞ্চই ।

শ্ৰমিক সংগঠনে দাবী জনোৱা অনুসৰি দেশজুৰি এই বন্ধত ২৫ কোটি লোকে অংশ ল’ব । ইফালে এই বন্ধলৈ সমৰ্থন আগবঢ়াব বেংকৰ কৰ্মীসকলেও । ৬ টা বেংক ইউনিয়নে সমৰ্থন আগবঢ়াইছে এই বন্ধলৈ।