গুৱাহাটী, সংবাদ ৩৬৫, ৭ জানুৱাৰী : অসমৰ ধুবুৰীৰ এজন যুৱক ৰাহুল পাৰিক । ক্ৰিকেট অনুৰাগী তথা ছবি আঁকি ভাল পোৱা ধুবুৰী জিলাৰ এই যুৱকজনে পুৰণি ম’বাইল ফোনেৰে নিৰ্মাণ কৰি উলিয়ালে বিৰাট কোহলীৰ এখন ফটো।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথমখন টি–২০ মেচৰ বাবে আহোতেই এই ফটোখন ধুবুৰীৰ পৰা গুৱাহাটীলৈ আহি বিৰাট কোহলীক লগ ধৰি উপহাৰ হিচাপে দিয়ে যুৱকজনে ।

মাত্ৰ তিনিদিনৰ ভিতৰতে বিৰাট কোহলিৰ এই ফটোখন নিৰ্মাণ কৰি উলিয়াইছিল । যুৱকজনৰ এই প্ৰতিভা দেখি অভিভূত হৈ পৰে কোহলি।

যুৱকজনে উপহাৰ দিয়া এই ফটোখন বিচিচিআইৰ ছচিয়েল মিডিয়া পেজতো শ্বেয়াৰ কৰে বিৰাট কোহলীয়ে ।