আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৪ ডিচেম্বৰ

শিৱসাগৰৰ এগৰাকী যুৱ উদ্ভাৱকৰ ব্যতিক্ৰমী প্ৰয়াস। শিৱসাগৰ নগৰৰ অঘৰী কুকুৰৰ বাবে নগৰৰ বিভিন্ন প্ৰান্তত স্থাপন কৰিলে বাটৰ ঘৰ।

শিৱসাগৰ জিলাৰ এগৰাকী যুৱ উদ্ভাৱক অভিজিৎ দুৱৰা। শিৱসাগৰ নগৰৰ ফুকন নগৰ মেটেকাঘাটৰ বাসিন্দা অভিজিৎ দুৱৰাই বিগত সময়ছোৱাত বিভিন্ন সামগ্রী উদ্ভাৱন কৰি চৰ্চিত হৈ আহিছে। লক ডাউনৰ সময়ত এইগৰাকী উদ্ভাৱকে ভি ফাইটাৰ, চেনিটাইজ কৰা চাইকেল, জোনবাই এল ই ডি বাল্ব আদি উদ্ভাৱন কৰি প্ৰশংসা লাভ কৰিছে। শুকুৰবাৰে এইগৰাকী যুৱ উদ্ভাৱকে পদপথৰ কুকুৰবোৰৰ বাবে শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তত স্থাপন কৰে ‘বাটৰ ঘৰ’। শিৱসাগৰ নগৰৰ বৰ্ডিং ৰোডত আনুষ্ঠানিকভাৱে ‘বাটৰ ঘৰ’ ৰ শুভ উদ্বোধন কৰে শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত আল আজহাৰ আলিয়ে। উল্লেখযোগ্য যে, পথৰ কাষত স্থাপন কৰা ‘বাটৰ ঘৰ’ ৰ যোগেদি শীতৰ সময়ত অঘৰী কুকুৰবোৰ উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে। অভিজিৎ দুৱাৰ এই পদক্ষেপৰ সকলোৱে সঁহাৰি জনায় আৰু ভৱিষ্যত দিনত তেওঁক সহায়ৰ আশ্বাস দিয়ে।

উদ্ভাৱক গৰাকীয়ে সকলোকে এনে ধৰণৰ কিছুমান সৰু সৰু পদক্ষেপ লৈ প্ৰকৃতিৰ সুৰক্ষা কৰাৰ লগতে পথপথৰ জীৱ-জন্তুৰ বাবে কিবা এটা কৰাৰ আহ্বান জনায়।