যতীন নাথ
মাজবাট
৪ ডিচেম্বৰ

বিটিচিৰ ৰৌতা পৰিষদীয় সমষ্টিত ইউপিপিএল দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী নীলুত স্বৰ্গীয়াৰীৰ সমৰ্থনত বিশাল বাইক ৰেলী। ধনশ্ৰীঘাটৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত পৰা ওলোৱা বিশাল বাইক ৰেলীৰ শুভাৰম্ভ কৰে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দীপেন বড়োয়ে।

বাইক ৰেলী শুভাৰম্ভ কৰি সাংবাদিকৰ আগত দীপেন বড়োয়ে কয় যে ৰৌতা সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী নিলুত স্বৰ্গীয়াৰীৰ বিজয় নিশ্চিত। তেওঁ আৰু কয় যে এইবাৰ ৰাইজে বিপিএফ চৰকাৰৰ সোতৰ বছৰীয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি পৰিবৰ্তন বিচাৰিছে। বিশাল বাইক ৰেলীটো ধনশ্ৰীঘাটৰ পৰা গেলাবিল, ওৰাং, চিৰাজুলী হৈ দুমদুমা, বৰচলালৈ গৈ পুণৰ ঘুৰি আহি পাওৰিপোটা হৈ ৰৌতা বালিচিয়া খেল পথাৰত সমাপ্ত কৰে।

এই দীঘলীয়া পথচোৱাত ইউপিপিএল দলৰ কৰ্মী, সমৰ্থক সকলে প্ৰমোদ বড়ো জিন্দাবাদ, ইউপিপিএল জিন্দাবাদ, নিলুত স্বৰ্গীয়াৰী জিন্দাবাদ আদি জয়ধ্বনী দি সমষ্টিটোত প্ৰচাৰ চলায়।