মুস্তাক আহমেদ

জুৰীয়া

৩ ডিচেম্বৰ

ৰূপহীহাটৰ ছাইদৰীয়াত ভয়াবহ অগ্নিকাণ্ড। জুইত জাহ গ’ল ২ খনকৈ ঘৰ। প্ৰায় ২ লাখ টকাৰ সা-সম্প্ৰতি জুইত জাহ।

বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত নগাঁও জিলাৰ ৰূপহীহাটৰ ছাইদৰীয়া গাঁৱৰ আফাজ উদ্দিন নামৰ এজন লোকৰ ঘৰত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত আফাজ উদ্দিনৰ ২ খনকৈ ঘৰৰ লগতে প্ৰয়োজনীয় নথি সমূহ জুইত সম্পূৰ্ণ ভষ্মিভুত হয়। আফাজ উদ্দিনৰ ঘৰৰ কাষতে থকা অন্যান্য ঘৰ সমূহ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে। স্থানীয় ৰাজইৰ সহযোগত জুই নিৰ্বাপন হয় যদিও লক্ষ্যণীয় বিষয়টো হ’ল ঘৰত কোনো মানুহ নথকা স্বত্বেও উক্ত অগ্নিকাণ্ড সংগঠিত হোৱাত হতাশত ভুগিছে ভুক্তভোগী পৰিয়ালটোৱে।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ সম্পৰ্কে বর্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে ৰূপহী আৰক্ষীক অবগত কৰিছে। ৰূপহী আৰক্ষী ঘটনাস্থলী উপস্থিত হৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণৰণ তদন্ত অব্যাহত ৰাখিছে।