কুন্দন ভৰালী

নগাঁও

১৮ নৱেম্বৰ

অতি শীগ্ৰেই “কা” বিৰোধী দুই ৰাজনৈতিক দল একত্ৰিত হোৱাৰ সম্ভাৱনা। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ সম্ভাৱনা। নগাঁৱত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভাত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কুঁৱৰে।

বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। শাসকীয় বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফ দলে নিজ নিজ ৰণকৌশলেৰে ৰাইজৰ মাজলৈ গৈ ৰাইজক আকৰ্ষণ কৰাত উঠি পৰি লাগিছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই নতুনকৈ জন্মলাভ কৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল।

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ কেবাটাও সংগঠনৰ নেতৃত্বত গঠন হোৱাও ৰাইজৰ দলে। বুধবাৰে নগাঁৱৰ সাহিত্য সভা কমলা দেৱী তোদী ভৱনত অনুষ্ঠিত হয় ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক সমিতিৰ কাৰ্যনিৰ্বাহক সভা। ৰাজ্যিক সমন্বয়ক আৰু আহ্বায়কৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে।

সভাত অংশগ্ৰহণ কৰি দলটোৰ ৰাজ্যিক মুখ্য আহ্বায়ক ভাস্ক দি শইকীয়াই আগন্তক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ১২৬ টা সমষ্টিতেই কমিটি গঠন কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে।ইফালে সভাত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কুঁৱৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দল অতি শীঘ্ৰে একত্ৰিত হোৱাৰ সম্ভবনা ব্যক্ত কৰে।

বিজেপি চৰকাৰক আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত উৎখাত কৰাৰ লক্ষ্যৰে ৰাইজৰ দলে ৰণকৌশল প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে ভাস্ক দি শইকীয়াই। নৱগঠিত প্ৰতিটো আঞ্চলিক দলক একত্ৰিত হ’বলৈ আহ্বান জনাই দলটোৰ মুখ্য আহ্বায়কগৰাকীয়ে। কংগ্ৰেছৰ নেতৃত্বৰ মহাজোটবন্ধনত ৰাইজৰ দলে সমৰ্থন নিদিয়াৰ কথা উল্লেখ কৰে ভাস্ক দি শইকীয়াই।