আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৮ নৱেম্বৰ

“কা”ৰ বিৰোধিতা কৰি পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত “কা” বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী। মহানগৰীৰ গুৱাহাটী ক্লাব আৰু শিৱসাগৰত “ক”‘ বিৰোধী সযন্বয় সমিতিৰ “কা”ৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী।

বিশ্বব্যাপী কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰা “কা” বিৰোধী আন্দোলন পুনৰ আৰম্ভ হৈছে। বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত “কা”ৰ বিৰোধিতা কৰি “ক”‘ বিৰোধী সযন্বয় সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মহানগৰীত গুৱাহাটী ক্লাৱত “ক”‘ বিৰোধী সযন্বয় সমিতিয়ে “কা”ৰ বিৰোধিতা কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে “কা”ৰ বিৰোধিতা কৰা কাৰাবন্ধী সকলক অতি শীঘ্ৰে মুক্তি দিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰৰিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে গুৱাহাটী ক্লাব উত্তাল কৰি তোলে। ইফালে শিৱসাগৰ নগৰতো “কা” বিৰোধী সমন্বয় সমিতিয়ে প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। একাধিক দল-সংগঠনৰ দ্বাৰা গঠিত “কা” বিৰোধী সমন্বয় সমিতিয়ে স্থানীয় তাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

“কা” বিৰোধী সমন্বয় সমিতিয়ে “কা” বাতিল কৰা, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, “কা”ৰ বিৰোধিতা কৰা কাৰাবন্ধী সকলক অতি শীঘ্ৰে মুক্তি দিয়া আৰু ৰাজনৈতিক দল সমূহক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।