আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৮ নৱেম্বৰ

তাই যাদুঘৰত হ’ব দৃশ্য-শ্ৰাব্য মাধ্যমৰে পৰ্যটকক আকৰ্ষণৰ ব্যৱস্থা। তাই যাদুঘৰৰ উন্নয়নৰ বাবে এপষেকৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শিৱসাগৰত উপস্থিত হৈ তাই যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাই যাদুঘৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা।

শিৱসাগৰত বুধবাৰে ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম তাই যাদুঘৰ পৰিদৰ্শন কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাই যাদুঘৰৰ সাম্প্ৰতিক পৰিৱেশ আৰু যাদুঘৰৰ প্ৰতিপালন ব্যৱস্থাত উদ্বিগ্ন প্ৰকাশ কৰি তাই যাদুঘৰক সময়োপযোগী হোৱাকৈ সজাই পৰাই তোলাৰ ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। প্ৰাৰম্ভিক অৱস্থাত যাদুঘৰটোৰ সম্প্ৰসাৰণ,  দৃশ্য-শ্ৰাৱ্য মাধ্যমেৰে ৬০০  বছৰীয়া আহোম ৰাজশাসনৰ গৌৰৱোজ্জ্বল অধ্যায়ক পৰ্যটকৰ আগত তুলি ধৰাৰ ব্যৱস্থা, পৰ্যটকৰ কাৰণে সমল কেন্দ্ৰ তথা তাই যাদুঘৰৰ মাটিত শিশু উদ্যানকে ধৰি প্ৰণালীবদ্ধ  ব্যৱস্থাপনা গ্ৰহণৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ তথা  উজনি অসমৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সমল সমূহক সংৰক্ষণ কৰি পৰ্যটকৰ সন্মূখত তাই যাদু ঘৰৰ জৰিয়তে দাঙি ধৰাৰ পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। এপেষকৰ ভিতৰত  তাই যাদুঘৰৰ সমস্যা সমাধানৰ লগতে যাদুঘৰক কেন্দ্ৰ কৰি গ্ৰহণ কৰা পৰিকল্পনা বাস্তৱায়িত কৰাৰো ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে যোৱা ১৬ অক্টোবৰত শিৱসাগৰ ভ্ৰমণলৈ আহি তাই যাদুঘৰ পৰিদৰ্শন কৰি ব্যথিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যাদুঘৰটোৰ বৰ্তমানৰ অৱস্থাত উদ্বিগ্ন মন্ত্ৰী গৰাকীয়ে এমাহৰ ভিতৰতে সাংস্কৃতিক সঞ্চালকালয় আৰু বিভাগীয় মন্ত্ৰীৰ লগত আলোচনাৰ মাধ্যমেৰে যাদুঘৰটোৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে এমাহৰ অন্তত সাংস্কৃতিক বিভাগৰ সঞ্চালক প্ৰীতম শইকীয়াক লগত লৈ মন্ত্ৰী গৰাকীয়ে তাই যাদু ঘৰত উপস্থিত হৈ যাদুঘৰটোৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে সদৰী কৰে।