আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২০ জানুৱাৰী

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ভূমি পট্টাৰ দাবী। এফালে বিজেপি চৰকাৰে ঢাক ঢোল বজাই শিৱসাগৰত ভূমি পট্টা প্ৰদানৰ কথা ঘোষনা কৰিছে। আনহাতে অনুসূচিত জাতি ছাত্ৰ সন্থাই ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে। শিৱসাগৰত অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক লাখ ভূমিহীনক ভূমি পট্টা প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰ প্ৰদান কৰি শিৱসাগৰ জিলাৰ ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে।

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎ দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে শিৱসাগৰ জিলাত ভূমিহীনভাৱে বহু লোকেই জীৱন অতিবাহিত কৰিআছে। এই ভূমিহীন লোকসকলৰ গৰিষ্ঠ সংখ্যকেই কিন্তু অনুসূচিত জাতিৰ লোক। এই সন্দৰ্ভত পূৰ্বতে বহুবাৰ সন্থাই চৰকাৰক অবগত কৰিছে। ইয়াৰোপৰি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰিছে কিন্তু সাধাৰণ জনতা তথা খিলঞ্জীয়া এইসকল লোকৰ অভাৱ অভিযোগবোৰ সামাধাণৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ কোনো গুৰুত্ব নাই। বৰঞ্চ সুবিধা পালেই বহু খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰি গৃহহীন কৰি তোলে।

শিৱসাগৰ জিলাৰ পলাশনি, দিচাংমুখ, ন পুখুৰী, শৰাগুৰী, ভাটি বনগাওঁ, ওপৰ নাজিৰা, বেতবাৰী আদি কৰি বহু ঠাইৰ লোক ভূমিহীনভাৱে জীয়াই থকাৰ উপৰিও নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে উক্ত লোকসকলক ভূমি পট্টা প্ৰদান কৰাৰ আৰু গৰাখহনীয়া ভূমি হেৰুৱাই গৃহহীন হোৱাৰ লগতে উচ্ছেদিত লোকসকলৰ পুণৰ সংস্থাপনৰ ব্যবস্থা কৰাৰ দাবী উত্থাপন কৰিছে সন্থাই।